মুখ্য-পৃষ্ঠা

ভৰ বাৰিষা কিলিঙৰ বুকুত অবৈধভাৱে বালি খনন মাফিয়া চক্ৰৰ

Asomiya Pratidin

ডিজিটেল সংবাদ,মৰিগাঁও : বন বিভাগক বুঢ়াআঙুলি দেখুৱাই ভৰ বাৰিষা কিলিং নৈৰ বুকুত মেচিন সংস্থাপন কৰি অবৈধভাৱে বালি খনন কৰিছে একাংশ মাফিয়া চক্ৰই। নগাঁও বন সংমণ্ডলৰ অধীনৰ ধৰমতুল বনাঞ্চলিক কাৰ্যালয়ৰ অধীনত কিলিং নৈত অবাধে চলাই গৈছে বালি খনন কাৰ্য।

জানিব পৰা মতে কিলিং নৈত এতিয়া শাৰী শাৰী বালি খনন কৰা মেচিন সহজলভ্য হৈ পৰিছে। অহৰহভাৱে চলা বালি খনন কাৰ্যই প্ৰাকৃতিক ভাৰসাম্য বিনষ্ট কৰাই নহয় খহনীয়াই ভয়াৱহ ৰূপ লোৱাত শংকিত হৈ পৰিছে অঞ্চলবাসী ৷

বন আইনক অংগুষ্ঠ দেখুৱাই উচ্চ ক্ষমতাসম্পন্ন মেচিন ব্যৱহাৰ কৰি বনজ সম্পদ লুণ্ঠন অব্যাহত ৰখা বালি মাফিয়াৰ চক্ৰক সাৰপানী যোগাৱাৰ অভিযোগ উঠিছে খোদ বন বিষয়াৰ বিৰুদ্ধে ৷ মেচিনেৰে বালি খনন কাৰ্যত ন্যায়ালয়ে নিষেধাজ্ঞা জাৰি কৰা সত্বেও ধৰমতুল বনাঞ্চলিক কাৰ্যালয়ৰ ভাৰপ্ৰাপ্ত বিষয়াৰ দায়িত্বত থকা অসীম কুমাৰ দাস নামৰ বন বিষয়াজনৰ পৰোক্ষ পৃষ্ঠপোষকতাতেই এইদৰে অবৈধভাৱে বালি খনন আৰু সৰবৰাহ চলি থকা বুলি অভিযোগ উত্থাপন হৈছে।

নথি-পত্ৰৰ নামত কেবল অফেন্স কাটি বালি মাফিয়া চক্ৰসমূহে দৈনিক চলাইছে বনজ সম্পদৰ লুণ্ঠনৰাজ ৷ অনুসন্ধানত পোহৰলৈ অহা মতে বগৰিঘাট নামৰ বালি মহলটোত ৪০০ চি এমৰ অফেন্স কাটি কিলিং নৈৰ পৰা আহৰণ কৰিছে দৈনিক শতাধিক চি এম বালি ৷

আনকি একাংশ বালি মহলত অফেন্সৰ ধন জমা নিদিয়াকৈ খনন চলোৱাৰো অভিযোগ উঠিছে। যাৰ ফলত প্ৰকৃত ৰাজহৰ পৰা বঞ্চিত হৈছে চৰকাৰ তথা বন বিভাগ ৷

ধৰমতুল আঞ্চলিক বন বিষয়াক মেনেজ কৰি বালি মাফিয়া চক্ৰই অবৈধভাৱে বালি খনন কৰি সৰবৰাহ কৰাৰ ফলত প্ৰাকৃতিক ভাৰসাম্য বিনষ্ট হোৱাই নহয়, দৈনিক শ শ গধুৰ যান-বাহন চলাচলৰ বাবে বাটপথৰো অৱস্থা হৈছে শোচনীয় ৷

বাৰিষা এই একাঠু বোকাময় পথেৰেই যাতায়াত কৰিবলৈ বাধ্য হৈছে স্থানীয় লোক ৷ প্ৰকৃতি ধ্বংস কৰি কেৱল নিজ মুনাফা আদায়ৰ লক্ষ্যৰে বালি খনন চলোৱা প্ৰভাৱশালী চক্ৰটোৱে কেৰেপ নকৰে ৰাইজৰ সমস্যাক ৷ এইক্ষেত্ৰত ৰাজ্যৰ বন মন্ত্ৰী, নগাঁও বন সংমণ্ডলৰ ভূমিকাক লৈ উঠিছে মুকলি প্ৰশ্ন।