মুখ্য-পৃষ্ঠা

বাংলাদেশক পৰাস্ত কৰি এছিয়া কাপৰ ফাইনেল ভাৰত...

Asomiya Pratidin

ডিজিটেল ডেস্কঃ মহিলাৰ এছিয়া কাপ টি-২০ ক্রিকেট প্রতিযোগিতাৰ ফাইনেলত ভাৰতীয় দলে প্ৰৱেশ কৰিছে। শুকুৰবাৰে অনুষ্ঠিত ছেমি ফাইনেলত ভাৰতীয় দলে বাংলাদেশৰ বিৰুদ্ধে ১০ উইকেটত জয়লাভ কৰে।

খেলখনত বাংলাদেশে নির্ধাৰিত ২০ অভাৰত ৮টা উইকেট হেৰুৱাই ৮০ ৰান সংগ্রহ কৰে। প্রত্যুত্তৰত ভাৰতীয় দলটোৱে ১১ অভাৰত এটাও উইকেট নেহেৰুওৱাকৈ ৮৩ ৰান সংগ্ৰহ কৰি বিজয় সাব্যস্ত কৰে। প্রতিযোগিতাৰ ফাইনেল খেলখন অহা দেওবাৰে সন্ধিয়া ৭বজাত ভাৰত আৰু আনখন ছেমিফাইনেলত বিজয়ী দল দুটাৰ মাজত অনুষ্ঠিত হ'ব।