মুখ্য-পৃষ্ঠা

টি-২০ বিশ্বকাপঃ আজি ভাৰত-ইংলেণ্ডৰ হাইভল্টেজ ছেমি ফাইনেল...

Asomiya Pratidin

ডিজিটেল ডেস্কঃ আজি টি-২০ বিশ্বকাপত ছেমি ফাইনেলত মুখামুখি হ’ব ভাৰত আৰু ইংলেণ্ড। ভাৰতীয় সময়ত অনুসৰি আজি নিশা ৮ বজাত অনুষ্ঠিত হ’ব এই মেগা মেচখন।

উল্লেখ কৰা প্ৰয়োজন যে, আজিৰ মেচখনত বতৰে দিব পাৰে বিধি পথালি। ২৭ জুনত গায়ানাত বৰষুণ-বজ্ৰপাতৰ পূৰ্বাভাস পোৱা গৈছে। ঘণ্টাত ১০ৰ পৰা ১৫ বেগত বতাহও বলিব পাৰে বুলিও আগলি বতৰা দিছে বতৰ বিজ্ঞান কেন্দ্ৰই। ছেমিফাইনেলত বৰষুণৰ সম্ভাৱনা ৭০ শতাংশ। 

২০২২ চনৰ টি-২০ বিশ্বকাপৰ ছেমি ফাইনেলত ইংলেণ্ডৰ বিৰুদ্ধে পৰাস্ত হোৱাত টি-২০ বিশ্বকাপৰ আশা নিৰ্বাপিত হৈছিল ভাৰত। ২০২২ৰ টি-২০ বিশ্বকাপৰ ছেমি ফাইনেলত পৰাজয় পোতক তুলিবলৈ চেষ্টা কৰিব টীম ইণ্ডিয়াই।