মুখ্য-পৃষ্ঠা

৫২বছৰীয়া প্ৰতীক্ষাৰ অন্তঃ অলিম্পিকত অষ্ট্ৰেলিয়াক পৰাস্ত ভাৰতীয় হকী দলৰ...

Asomiya Pratidin

ডিজিটেল ডেস্কঃ ৫২বছৰৰ পাছত অলিম্পিকত অভিলেখ ৰচিলে ভাৰতীয় হকী দলে। শুকুৰবাৰে পেৰিছ অলিম্পিকত ভাৰত আৰু অষ্ট্ৰেলিয়াৰ হকী দলৰ মাজত অন্তিমখন লীগ মেচ অনুষ্ঠিত হয়।এই মেচখনত ভাৰতে অষ্ট্ৰেলিয়াক ৩-২ গ’লত পৰাস্ত কৰে ৷ অলিম্পিকত প্ৰথমবাৰৰ বাবে ভাৰতে অষ্ট্ৰেলিয়াক পৰাস্ত কৰে।

উল্লেখ্য যে, ৫২ বছৰৰ পূৰ্বে ১৯৭২ চনত অলিম্পিকত ভাৰতীয় হকী দলে অষ্ট্ৰেলিয়াক পৰাস্ত কৰিছিল ৷ আজিৰ খেলখনত ভাৰতৰ হৈ অভিষেক আৰু হৰমনপ্ৰীত সিঙৰ আক্ৰমণাত্মক আৰম্ভণিৰে অষ্ট্ৰেলিয়াক বেকফুটলৈ ঠেলি দিয়ে ৷

পেৰিছ অলিম্পিকত গ্ৰুপ পৰ্যায়ত ভাৰতে মুঠ ৫ খন খেল খেলিছে,ইয়াৰে ৩ খন মেচত জয়ী হোৱা লগতে এখন মেচ ড্ৰ' হয় আৰু এখন মেচত পৰাস্ত হৈছে ৷ আজি ভাৰতে ২-০ গলত প্ৰথম কোৱাৰ্টাৰ সমাপ্ত কৰে ৷ দ্বিতীয় কোৱাৰ্টাৰত অষ্ট্ৰেলিয়াই প্ৰথমটো গল দি ২-১ ত অগ্ৰগতি লাভ কৰে ৷

তৃতীয় কোৱাৰ্টাৰত ভাৰতে তৃতীয়টো গল দিয়ে ৷ খেলৰ ৩২ মিনিটত ভাৰতে পেনাল্টি কৰ্ণাৰত হৰমনপ্ৰীত সিঙে দলৰ হৈ গল দিয়ে ৷ অধিনায়ক হৰমনপ্ৰীত সিঙে এই মেচখনৰ তৃতীয় আৰু দ্বিতীয়টো গল দিয়ে ৷ ইয়াৰ জৰিয়তে ভাৰতে ৩-১ লৈ খেলত অগ্ৰগতি লাভ কৰে।

পৰৱৰ্তী সময়ত অষ্ট্ৰেলিয়াৰ গভাৰ্ছ ব্লেকে দ্বিতীয়টো গল দিয়ে। ইয়াৰ পিচত খেলখনৰ শেষলৈ দুয়োটা দলৰ কোনোৱে গল দিব নোৱাৰাত ভাৰতে ৩-২ গলত জয়লাভ কৰে। এই জয়ৰ পাছতে এতিয়া কোৱাৰ্টাৰ ফাইনেলৰ বাবে সাজু হৈছে ভাৰতীয় দলটো।