মুখ্য-পৃষ্ঠা

ভাৰতৰ সবাতোকৈ ধনী ৭খন ৰাজ্য, পঢ়ক সবিশেষ...

Asomiya Pratidin

ডিজিটেল ডেস্কঃ ভাৰত এখন বৈচিত্ৰপূৰ্ণ দেশ। দেশখন কৃষি, পৰ্যটন, সাহিত্য-সংস্কৃতিত যিদৰে ৰাজ্যভেদে বৈচিত্ৰতা আছে ঠিক সেইদৰে অৰ্থনৈতিক ক্ষেত্ৰখনতো ৰাজ্যভেদে ইয়াৰ বৈচিত্ৰতা দেখিবলৈ পোৱা যায়। এই বৈচিত্ৰতাৰ মাজেৰেই ৰাজ্যসমূহে আগবঢ়োৱা অৱদানেৰে দেশখনৰ সামগ্ৰিক অৰ্থনৈতিক বুনিয়াদ শক্তিশালী হয়।

দেশৰ সবাতোকৈ ধনী ৰাজ্যৰ শীৰ্ষস্থানত আছে মহাৰাষ্ট্ৰ। ৰাজ্যখনৰ ৰাজধানী মুম্বাই, যাক ভাৰতবৰ্ষৰ অৰ্থনৈতিক ৰাজধানী হিচাপে জনা যায়। প্ৰযুক্তিৰ বিভিন্ন প্ৰতিষ্ঠানেৰে দ্ৰুতগতিত উন্নয়নৰ দিশে আগবঢ়া মহাৰাষ্ট্ৰৰ জি এছ ডি পি ৩১ লাখ কোটি।

তামিলনাডু হৈছে দেশৰ দ্বিতীয় ধনী ৰাজ্য। পৰ্যটনৰ দিশত অতিকৈ চহকী তামিলনাডু। সংস্কৃতিৰ ক্ষেত্ৰতো ৰাজ্যখনৰ আছে বিশেষ দখল। ৰাজ্যখনৰ সাগৰত বেলি মাৰ যোৱা দৃশ্য অতিকৈ মনোমোহা। ৰাজ্যখনৰ জি এছ ডি পি হৈছে ২০ লাখ কোটি।

মোডীৰ ৰাজ্য গুজৰাট আছে এই তালিকাত তৃতীয় স্থানত। এই ৰাজ্যখন উদ্যোগিক ক্ষেত্ৰত আগবঢ়াৰ লগতে পৰ্যটনৰ ক্ষেত্ৰতো আগবঢ়া। ৰাজ্যখনৰ জি এছ ডি পি হৈছে ২০ লাখ কোটি।

দেশৰ ভিতৰতে ধনী ৰাজ্যৰ তালিকাত উত্তৰ প্ৰদেশ আছে চতুৰ্থ স্থানত। সৰ্বাধিক লোকসভাৰ সমষ্টি থকা ৰাজ্য উত্তৰ প্ৰদেশ হৈছে দেশৰ চতুৰ্থখন বৃহৎ ৰাজ্য। লগতে সৰ্বাধিক জনসংখ্যা থকা ৰাজ্য হৈছে উত্তৰ প্ৰদেশৰ জি ডি পিৰ পৰিমাণৰ দি হৈছে ১৯.৭ লাখ কোটি।

ভাৰতৰ ধনী ৰাজ্যৰ তালিকাত পঞ্চম স্থানত আছে কৰ্ণাটক। ৰাজ্যখনৰ ৰাজধানী বাংগালুৰু এখন আইটি চিটী। ইয়াক ভাৰতৰ চিলিকন ভেলী বুলিও কোৱা হয়। সাহিত্য-সংস্কৃতিৰ দিশত চহকী ৰাজ্যখনৰ জি এছ ডি পি হৈছে ১৯.৬ লাখ কোটি।

দেশৰ এই তালিকাত ষষ্ঠ স্থানত আছে পশ্চিমবংগ। সাহিত্য-সংস্কৃতিত আহবঢ়া ৰাজ্যখনৰ জি এছ ডি পি ১৩লাখ কোটি টকা। ৰাজ্যখনৰ ৰাজধানী কলকাতা ইতিহাসৰ বুকুত এক গুৰুত্বপূৰ্ণ বাণিজ্যিক বন্দৰ চহৰ হিচাপে পৰিগণিত হৈছে।

দেশৰ ধনী ৰাজ্যৰ তালিকাত সপ্তম স্থানত আছে অন্ধ্ৰপ্ৰদেশ। মাছ উৎপাদনৰ ক্ষেত্ৰত বিশেষ ভূমিকা আছে ৰাজ্যখনৰ। ৰাজ্যখনৰ জি এছ ডি পি হৈছে ১১.৩ লাখ কোটি। ৰাজ্যখনে নিজকে উদ্ভাৱন আৰু উন্নয়নৰ কেন্দ্ৰ হিচাপে প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হৈছে।