মুখ্য-পৃষ্ঠা

গাজাত ইজৰাইলৰ ভয়ংকৰ আক্ৰমণ: নিহত ১০০ৰো অধিক

Asomiya Pratidin

ডিজিটেল ডেস্কঃ এতিয়াও শান্ত হোৱা নাই গাজা। শনিবাৰে ইজৰাইলে পুনৰ গাজাত আক্ৰমণ চলায়। গাজাৰ দাৰাজ জিলাত সংঘটিত হৈছে এই ঘটনা। গাজাৰ এখন বিদ্যালয়ত পুনৰ আক্ৰমণ কৰে ইজৰাইলে।

উল্লেখ্য যে এই বিদ্যালয়খনতে স্থানচ্যুত বহু শৰনাৰ্থীয়ে আশ্ৰয় লৈ আছিল। শনিবাৰে পুৱা শৰনাৰ্থীসকলে প্ৰাৰ্থনা কৰি থকাৰ সময়তে সংঘটিত হয় এই ঘটনা। এই আক্ৰমণত ১০০ৰো অধিক পেলেষ্টাইনীৰ মৃত্যু হয়। ইয়াৰোপৰি বহুলোক গুৰুতৰভাৱে আহত হৈছে। ইজৰাইল বাহিনীয়ে বিদ্যালয়খনত ৩টাকৈ ৰকেটেৰে আক্ৰমণ কৰে।

এইখিনিতে উল্লেখ কৰা প্ৰয়োজন যে, ২০২৩ৰ ৭অক্টোবৰত হামাছে ইজৰাইলত চলাইছিল ভয়ংকৰ আক্ৰমণ। এই আক্ৰমণত ইজৰাইলৰ ১২০০গৰাকী লোকৰ মৃত্য়ু হৈছিল আৰু ২৫০গৰাকী লোকক বন্দী কৰিছিল হামাছে। বৰ্তমানেও ইয়াৰ ১৫০গৰাকী লোকক হামাছে বন্দী কৰি ৰাখিছে বুলি দাবী কৰে ইজৰাইলে।

উল্লেখ কৰা প্ৰয়োজন যে, ২০২৪ৰ এপ্ৰিল মাহত ইজৰাইল সেনাই ইছমাইল হানিয়াৰ ৩গৰাকী পুত্ৰকো হত্যা কৰিছিল। গাজা পট্টীত হোৱা এয়াৰষ্ট্ৰাইকত মৃত্যু হৈছিল হানিয়াৰ ৩গৰাকী পুত্ৰৰ।