মুখ্য-পৃষ্ঠা

সূৰ্য যাত্ৰালৈ সাজু ইছৰো...

Asomiya Pratidin

ডিজিটেল ডেস্কঃ দ্ৰুত প্ৰস্তুতিৰে সূৰ্য যাত্ৰালৈ সাজু হৈছে ইছৰো। চন্দ্ৰৰ দক্ষিণ মেৰুত সফলতাৰে মহাকাশযান অৱতৰণ কৰাৰ পিছত, ভাৰতৰ পৰৱৰ্তী মহাজাগতিক অনুসন্ধান হ'ল সূৰ্য। ইছৰোৰ ঘোষণা অনুসৰি ভাৰতৰ প্ৰথমটো সৌৰ অভিযানৰ বাবে ইতিমধ্যেই যাৱতীয় যো-জা চলাইছে। আৰু ভাৰতৰ এই প্ৰথমটো সৌৰ অভিযানৰ নাম- আদিত্য-এল১।

ইছৰোৱে সদৰি কৰা অনুসৰি শ্ৰীহৰিকোটা মহাকাশ কেন্দ্ৰৰ পৰা ২ ছেপ্টেম্বৰৰ পুৱা ১১:৫০ বজাত উৎক্ষেপণ কৰা হ'ব আদিত্য-এল১ক। আদিত্য-এল১য়ে পৃথিৱীৰ পৰা প্ৰায় ১.৫ নিযুত কিলোমিটাৰ দূৰত্বত থকা সূৰ্য-পৃথিৱী লাগ্ৰেঞ্জ বিন্দু এল১ক পৰ্যবেক্ষণ কৰিব। এই অভিযানৰ বাবে ৯০ দিনৰ সময় ল'ব আদিত্য-এল১য়ে।

উল্লেখ্য যে, অষ্টাদশ শতিকাত প্ৰথমবাৰৰ বাবে অধ্যয়ন কৰা ফৰাচী গণিতজ্ঞ যোচেফ-লুই লাগ্ৰেঞ্জৰ নামেৰে নামাকৰণ কৰা লাগ্ৰেঞ্জ পইণ্ট হৈছে মহাকাশৰ বিন্দু, য'ত সূৰ্য আৰু পৃথিৱীৰ মাধ্যাকৰ্ষণ শক্তিয়ে ভাৰসাম্য বজাই ৰাখে। ইয়াৰ ফলত এক সন্তুলনিক অঞ্চল সৃষ্টি হয়, এই সন্তুলনকেই মহাকাশযানে ইন্ধনৰ ব্যৱহাৰ হ্ৰাস কৰিবলৈ ব্যৱহাৰ কৰিব বুলি ইছৰোৱে জানিবলৈ দিছে। আনহাতে এই অভিযানত পিএছএলভি-চি৫৭ ৰকেট ব্যৱহাৰ কৰি উৎক্ষেপণ কৰা হ'ব আদিত্য-এল১ক।