মুখ্য-পৃষ্ঠা

মুৰ্কংচেলেক বালিকা হাইস্কুলৰ অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক বিশিষ্ট শিক্ষাবিদ নখেশ্বৰ পাৱৰ প্ৰতিমূৰ্তি উন্মোচন...

Asomiya Pratidin

ডিজিটেল সংবাদ, জোনাইঃ ধেমাজি জিলাৰ জোনাই মহকুমাৰ মুৰ্কংচেলেক বালিকা উচ্চ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক, বিশিষ্ট শিক্ষাবিদ তথা সমাজ সেৱক নখেশ্বৰ পাৱৰ আজি প্ৰথম মৃত্যু বাৰ্ষিকীৰ দিনাই তেওঁ প্ৰতিমূৰ্তী এটা উন্মোচন কৰা হয়। পাৱ অপৃন কেবাঙৰ উদ্যোগত অনুষ্ঠিত হোৱা অনুষ্ঠানত মুৰ্কংচেলেক বালিকা হাইস্কুলৰ প্ৰধান শিক্ষয়িত্ৰী দ্বীপ্তিৰাণী লাগাছুৰ দ্বাৰা মুৰ্কংচেলেক বালিকা হাইস্কুলৰ অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক, বিশিষ্ট শিক্ষাবিদ, সমাজ সেৱক, মিচিং সমাজৰ পুৰোধা ব্যক্তি নখেশ্বৰ পাৱৰ প্ৰতিমূৰ্তীটো আনুষ্ঠানিকভাৱে শুভ উন্মোচন কৰা হয়।

ইপিনে বিশিষ্ট কবি তথা অৱসৰপ্ৰাপ্ত শিক্ষক মাধৱ পাৱৰ দ্বাৰা বন্তি প্ৰজ্বলন শুভাৰম্ভ কৰা হয়। বিশিষ্ট শিক্ষাবিদ নখেশ্বৰ পাৱৰ পৰিয়ালৰ দ্বাৰা জোনাই মহকুমাৰ গিনে মহমৰা গাঁৱৰ স্ব-গৃহৰ চৌহদত স্থাপন কৰা বিশিষ্ট শিক্ষাবিদ নখেশ্বৰ পাৱৰ প্ৰতিমূৰ্তী উন্মোচন অনুষ্ঠানত পাৱ অপৃন কেবাঙৰ সভাপতি মজিত পাৱ, বিশিষ্ট নাগৰিক ধৰ্মেশ্বৰ পাৱ, ডা: বৃকুধৰ লাগাছু, অজিত পাৱ, জোনাই প্ৰেছ ক্লাবৰ সভাপতি ৰয়েল পেগু, অতুল পাৱ, যতীন ৰেগন, দেৱেন টায়ুং, গৌৰাংগ লাগাছুৰ লগতে বহু গুণমুগ্ধ ৰাইজ আৰু আত্মীয়-স্বজনে উপস্থিত থাকে।

নাৰায়ণ পাৱই আঁত ধৰা প্ৰতিমূৰ্তি উন্মোচন আৰু শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত বিশিষ্ট কবি তথা অৱসৰপ্ৰাপ্ত শিক্ষক মাধৱ পাৱ আৰু ৰয়েল পেগু বক্তব্য প্ৰদান কৰি শিক্ষকতাকে জীৱনৰ ব্ৰত হিচাপে গ্ৰহণ কৰা বিশিষ্ট শিক্ষাবিদ নখেশ্বৰ পাৱই তাহানিৰ অজ্ঞান-আন্ধাৰে আৱৰি ৰখা জোনাই অঞ্চলত শিক্ষাৰ জ্যোতি বিলাই শৈক্ষিক আৰু সমাজ জীৱনলৈ আগবঢ়োৱা বিশেষ অৱদানক উল্লেখ কৰি নখেশ্বৰ পাৱৰ মহান জীৱন আদৰ্শ আৰু কৰ্মৰাজিৰ বাবে সমাজে সদায় মনত ৰাখিব বুলি মন্তব্য কৰে। তদুপৰি বিশিষ্ট শিক্ষাবিদ, পুৰোধা ব্যক্তি নখেশ্বৰ পাৱৰ প্ৰতিমূৰ্তী স্থাপনৰ বাবে তেখেতৰ পৰিয়াল আৰু পাৱ অপৃন কেবাঙক শলাগ লয়।

উল্লেখযোগ্য যে ১৯৪৭ চনৰ এক জুলাইত তাহানিৰ মহমৰা গাঁৱত জন্ম লাভ কৰা বিশিষ্ট শিক্ষাবিদ নখেশ্বৰ পাৱৰ বিগত বছৰৰ চাৰি আগষ্টত ৭৬ বছৰ বয়সত দেহাৱসান ঘটে। নখেশ্বৰ পাৱই দধীয়া মহমৰা প্রাথমিক বিদ্যালয়ত প্ৰাথমিক বিদ্যালয়ৰ শিক্ষা গ্ৰহণ কৰাৰ পিছত জোনাই উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰা মাধ্যমিক শিক্ষা গ্ৰহণ কৰে।

পিতৃ মাঘৰ পাৱ আৰু মাতৃ পমিলী পেগু পাৱৰ নোমলীয়া পুত্র নখেশ্বৰ পাৱই ডিব্রুগড়ৰত অধ্যয়ন কৰি মেট্রীক আৰু স্নাতক ডিগ্ৰী লাভ কৰে আৰু ১৯৭৯ চনত মুৰ্কংচেলেক বালিকা মাধ্যমিক বিদ্যালয়খন স্থাপন কৰে। ইয়াৰ পিছত মুৰ্কংচেলেক বালিকা হাইস্কুলত শিক্ষকতা কৰি ২০০৬ চনত প্ৰধান শিক্ষক হিচাপে অৱসৰ গ্ৰহণ কৰে। নখেশ্বৰ পাৱই বিভিন্ন সামাজিক সংগঠনৰ লগত জড়িত হৈ সমাজ সেৱা কৰিছিল। নখেশ্বৰ পাৱৰ দুজনীপত্নীৰ ৬ জন পুত্র আৰু ৮ জনী কন্যা সন্তান, কেইবাজনো নাতি-নাতিনী আৰু বহু আত্মীয়-স্বজন ইহ সংসাৰত আছে।