মুখ্য-পৃষ্ঠা

বেয়া খবৰঃ জম্মু-কাশ্মীৰত শ্বহীদ ৪সেনা জোৱান...

Asomiya Pratidin

ডিজিটেল ডেস্কঃ জম্মু কাশ্মীৰত সেনা-সন্ত্ৰাসবাদীৰ মাজত হোৱা সংঘৰ্ষত ৪গৰাকী সেনা জোৱান শ্বহীদ হৈছে। জম্মু-কাশ্মীৰৰ ডোডাত সংঘটিত হৈছে এই ঘটনা। সন্ত্ৰাসবাদী লুকাই থকাৰ খবৰ পাই সেনাই চলোৱা এই অভিযানতে শ্বহীদ হয় এই ৪গৰাকী সেনা জোৱান।

বৰ্তমান সেনা, আৰক্ষী আৰু চি আৰ পি এফে যুটীয়াকৈ সমগ্ৰ এলেকাটো ঘেৰি অব্য়হাত ৰাখিছে অভিযান। এই অভিযান কেইবাগৰাকীও সেনা জোৱান আহত হোৱাৰ খবৰ আহিছে।

উল্লেখ কৰা প্ৰয়োজন যে, বিগত এমাহৰ ভিতৰত এইটো হৈছে তৃতীয়টো সেনা-সন্ত্ৰাসবাদীৰ মাজত হোৱা সংঘৰ্ষ। কিছুদিনৰ পূৰ্বে সন্ত্ৰাসবাদীয়ে সেনাৰ গাড়ী অৰ্তকিতে কৰিছিল গুলীবৰ্ষণ।