প্ৰতীকি ফটো 
মুখ্য-পৃষ্ঠা

জম্মু-কাশ্মীৰত সেনাৰ গাড়ীত সন্ত্ৰাসবাদীৰ আক্ৰমণ, শ্বহীদ জোৱানৰ সংখ্যা ৫লৈ বৃদ্ধি...

Asomiya Pratidin

ডিজিটেল ডেস্কঃ জম্মু-কাশ্মীৰৰ কঠুৱাত সেনাৰ বাহনত সন্ত্ৰাসবাদীৰ ভয়ংকৰ আক্ৰমণৰ ঘটনাত নিহতৰ সংখ্যা ৫জনলৈ বৃদ্ধি পাইছে। এই আক্ৰমণত ৪গৰাকী জোৱান থিতাতে নিহত হৈছিল যদিও হস্পাতালত মৃত্যু হয় এগৰাকী সেনা জোৱানৰ। বাকী ৫গৰাকী জোৱানৰ স্বাস্থ্য বৰ্তমান সুস্থিৰ বুলি জানিব পৰা গৈছে।

সেনাৰ উৰ্ধতম কৰ্তৃপক্ষই সদৰি কৰা অনুসৰি, প্ৰথমে সেনাৰ গাড়ীলৈ লক্ষ্য কৰি গুলীবৰ্ষণ আৰু পিছত গ্ৰেনেড আক্ৰমণ কৰে সন্ত্ৰাসবাদীৰ দলটোৱে। এই ঘটনাটোৰ সন্দৰ্ভত, সেনাৰ উচ্চতম বিষয়াই জনোৱা অনুসৰি প্ৰথমে গুলী আৰু পিছত গ্ৰেনেড নিক্ষেপ কৰি সন্ত্ৰাসবাদীৰ দলটো কাষৰ ঘন অৰণ্যলৈ পলায়ন কৰে। কঠুৱা চহৰৰ পৰা প্ৰায় ১৫০কিলোমিটাৰ নিলগত বদনোতা জিলাত সংঘটিত হৈছিল এই ঘটনা।

উল্লেখ কৰা প্ৰয়োজন যে, বিগত ৪৮ঘন্টাত এয়া সেনা-সন্ত্ৰাসবাদীৰ মাজত দ্বিতীয়টো সংঘৰ্ষ।  দেওবাৰে ৰাজোৰীত সেনাৰ গুলীত নিহত হৈছিল ৬টাকৈ সন্ত্ৰাসবাদী।