মুখ্য-পৃষ্ঠা

জীয়াভৰলী নদীৰ সংহাৰী ৰূপঃ বিপদ চাপিছে জামুগুৰিটহাট, কন্যকা বহুমুখী পামলৈ..

Asomiya Pratidin

ডিজিটেল সংবাদ,জামুগুৰিহাটঃ জামুগুৰিহাটৰ চামধৰা বজাৰগাঁৱত জীয়াভৰলী নদীৰ বাঢ়নী পানীয় চলাইছে তাণ্ডৱ।জীয়াভৰলী নদীৰ পাৰত অৱস্থিত গাঁওখনৰ বাসিন্দা সকলৰ ঘৰত নদীৰ বাঢ়নী পানী সোমাই হাঁহাকাৰ পৰিস্থিতিৰ সৃষ্টি কৰিছে। লগতে ভৰলীপৰীয়া কন্যকা বহুমুখী পাম খনৰ প্ৰতিও জীয়াভৰলী নদীখনৰ বাঢ়নী পানীয়ে একপ্ৰকাৰ ভাবুকিৰ সৃষ্টি কৰিছে৷ বজাৰ গাঁৱৰ কৃষক ৰাইজৰ পোহনীয়া গৰু গাই, ছাগলী সমূহকলৈ সমস্যাত পৰিছে ৰাইজ৷

বিগত কেইবাদিনো ধৰি হোৱা নেৰানেপেৰা বৰষুনৰ বাবে জীয়াভৰলী নদীখনৰ জলপৃষ্ঠ বৃদ্ধি পোৱাৰ ফলত এই বাঢ়নী পানীৰ সৃষ্টি হৈছে। বৰ্তমান বাঢ়নি পানীৰ তলত একাংশ ৰাইজৰ পদুলি আৰু আৱাস গৃহ৷ নদুৱাৰ সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকাই বিয়লি চামধৰাৰ বজাৰ গাঁৱত উপস্থিত হৈ এই বাঢ়নী পানী তথা বান পৰিস্থিতি প্ৰত্যক্ষ কৰাৰ লগতে ক্ষয় ক্ষতিৰ বুজ লৈ বানপীড়িত ৰাইজৰ মাজত খাদ্য সামগ্ৰী বিতৰণ কৰে৷