মুখ্য-পৃষ্ঠা

জামুগুৰিহাটৰ বালিজুৰিত শ্বহীদ ভৱনৰ আধাৰশিলা স্থাপন...

Asomiya Pratidin

ডিজিটেল সংবাদ,জামুগুৰিহাটঃ জামুগুৰিহাটৰ বালিজুৰিত অষ্ট শ্বহীদৰ পবিত্ৰ স্মৃতিত নিৰ্মাণ হবলগীয়া এটি শ্বহীদ ভৱনৰ আধাৰশিলা স্থাপন অনুষ্ঠান বুধবাৰে বিয়লি অনুষ্ঠিত হৈ যায়। বালিজুৰি সামূহিক ভৱনত অনুষ্ঠিত হোৱা এক গাম্ভীৰ্য্যপূৰ্ণ অনুষ্ঠানত স্থানীয় ৰাইজৰ সহযোগত বীৰ শ্বহীদ সকলক উচিত মৰ্য্যদা দিয়াৰ উদ্দেশ্যে শ্বহীদ ভৱন নিৰ্মাণৰ আধাৰশিলা স্থাপন কৰে গোৰ্খা উন্নয়ন পৰিষদৰ সভাপতি প্ৰেম তামাঙে।

বালিজুৰি অঞ্চলৰ প্ৰাক্তন আগছু নেতা গোপাল ছেত্ৰীয়ে আঁতধৰা অনুষ্ঠানটিত গোৰ্খা উন্নয়ন পৰিষদ (অসম)ৰ সভাপতি গৰাকী উপস্থিত থাকে। বিগত সময়ছোৱাত গোৰ্খা উন্নয়ন পৰিষদে গোৰ্খা জনগোষ্ঠীৰ উন্নয়ন তথা শিক্ষা, স্বাস্থ্যকে ধৰি জনগোষ্ঠীটোৰ কলা সংস্কৃতিৰ উন্নয়নৰ হকে বহু কাম কৰি আহিছে বুলি তেওঁ মন্তব্য কৰে।লগতে অনাগত দিন সমূহত চৰকাৰে আবন্টন দিয়া ধনেৰে আৰু অধিক উন্নয়নমূলক কাম কৰিবলৈ প্ৰচেষ্টা অব্যাহত ৰাখিব বুলিও জনাই পৰিষদৰ সভাপতি প্ৰেম তামাঙে।

উল্লেখযোগ্য যে ২০০৭ চনত শোণিতপুৰ জিলাৰ খনামুখত অনুষ্ঠিত হোৱা গোৰ্খা সমাৰোহত অংশগ্ৰহণ কৰিবলৈ গৈ শোকাবহ পথ দুৰ্ঘটনাত পতিত হৈ ৮ জনকৈ লোকৰ মৃত্যু হৈছিল৷ গোৰ্খা জাতিৰ হকে প্ৰাণ আহুতি দিয়া উক্ত লোক সকলক সেই সময়ত গোৰ্খা ছাত্ৰ সন্থাই জাতীয় শ্বহীদ ঘোষণা কৰি শ্বহীদৰ মৰ্য্যদা দিয়াৰ দাবী উত্থাপন কৰিছিল। সেই সূত্ৰে সুদীৰ্ঘ সোতৰ বছৰ পাছত বীৰ শ্বহীদ সকলৰ স্মৃতি যুগমীয়া কৰাৰ স্বাৰ্থত বালিজুৰিত এটি শ্বহীদ ভৱন নিৰ্মাণ কাৰ্য্যৰ শুভাৰম্ভ কৰা হয়৷