মুখ্য-পৃষ্ঠা

অত্যাৱশ্যকীয় সামগ্ৰী মূল্যবৃদ্ধিত চিচিবৰগাঁৱত জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ অৱস্থান ধৰ্মঘট...

Asomiya Pratidin

ডিজিটেল সংবাদ, চিলাপথাৰঃ দৈনিক বৃদ্ধি পাইছে অত্যাৱশ্যকীয় সামগ্ৰী, ইন্ধনজাতীয় সামগ্ৰীৰ লগতে জীৱনদায়িনী ঔষধৰ মূল্য। অত্যাৱশ্যকীয় সামগ্ৰীৰ আকাশলংঘী মূল্যবৃদ্ধিয়ে কোঙা কৰি পেলাইছে সাধাৰণ জনজীৱন।

অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধি নিয়ন্ত্ৰণৰ দাবীত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ আহ্বানমৰ্মে চিচিবৰগাঁও আঞ্চলিক সমিতিৰ উদ্যোগত, চিচিবৰগাঁৱত সোমবাৰে পুৱা ৯.৩০ বজাৰ পৰা দুপৰীয়া ১২.৩০ বজালৈকে পালন কৰে তিনি ঘণ্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী।

যুৱ ছাত্ৰ পৰিষদ আৰু জাতীয় মহিলা পৰিষদৰ শতাধিক কৰ্মীয়ে চৰকাৰ বিৰোধী শ্লোগানেৰে উত্তাল কৰি তোলে চিচিবৰগাঁৱৰ পৰিৱেশ। মূল্যবৃদ্ধিৰ ক্ষেত্ৰত যোগান বিভাগ চূড়ান্ত ব্যৰ্থ বুলি কৈ অনাগত দিনত মূল্যবৃদ্ধি নিয়ন্ত্ৰণৰ ব্যৱস্থা গ্ৰহণ নকৰিলে যুৱ ছাত্ৰ পৰিষদে চৰকাৰৰ বিৰুদ্ধে ভয়ংকৰ আন্দোলন গঢ়ি তুলিব বুলি হুংকাৰ দিছে প্ৰতিবাদকাৰীসকলে ।