মুখ্য-পৃষ্ঠা

জাবৰ আঁতৰোৱাক লৈ দুজনক চোকা অস্ত্রৰে প্ৰহাৰ জিম স্বত্বাধিকাৰীৰ..

Asomiya Pratidin

ডিজিটেল সংবাদ,গুৱাহাটীঃ মহানগৰীৰ জয়ানগৰত এজন লোকে চোকা অস্ত্রৰে দুই যুৱকক আক্রমণ কৰা সংঘটিত হৈছে। প্ৰাপ্ত তথ্য অনুসৰি, জাবৰ আঁতৰোৱাক লৈ এখন ম’বাইল ষ্টোৰ আৰু এটা জিমৰ গৰাকীৰ মাজত কাজিয়াৰ সূত্ৰপাত হয়।

পৰৱৰ্তী সময়ত ম’বাইল প্রতিষ্ঠানটোৰ দুই যুৱকক আক্রমণ কৰে S&F নামৰ জিমটোৰ স্বত্বাধিকাৰী হিৰণ্য কলিতা আৰু হেমেন কলিতাই। মাৰ-পিটৰ ঘটনাত বিতু পোড্ডাৰ আৰু আলোক পোড্ডাৰ নামৰ দুজন যুৱক আহত হয়। দুয়োজনকে খানাপাৰাৰ মেট্র’ হাস্পতালত ভৰ্তি কৰোৱা হৈছে। ম’বাইল ষ্টোৰখনৰ কৰ্মচাৰীয়ে ইতিমধ্যে দিছপুৰ থানাত এজাহাৰ দাখিল কৰিছে।