মুখ্য-পৃষ্ঠা

ঘোচখোৰ কাৰ্যবাহী অভিযন্তা জয়ন্ত গোস্বামীৰ জামিন লাভ

Asomiya Pratidin

ডিজিটেল ডেস্কঃ ঘিলামৰা জনস্বাস্থ্য কাৰিকৰী বিভাগত কমিচনৰ বেহা পাতি ৰঙা ঘৰৰ আলহী হোৱা কাৰ্যবাহী অভিযন্তা জয়ন্ত গোস্বামীৰ জামিন লাভ। গোস্বামীৰ জামিন মঞ্জুৰ কৰে বিশেষ আদালতে।

ঘিলামৰা জনস্বাস্থ্য বিভাগত উৎকোচ লৈ দুৰ্নীতি বিৰোধী কোষৰ জালত পৰা বিষয়াজনে কেইমাহমানৰ পূৰ্বে ঘিলামৰা সংমণ্ডলত যোগদান কৰিছিল। বিভাগীয় এজন কৰ্মচাৰীৰ সৈতে গুৱাহাটীলৈ গৈ ২০ হাজাৰ টকা উৎকোচ সংগ্ৰহ কৰি থকা অৱস্থাত এন্টি কৰাপচন বিভাগৰ এটা দলে হাতে লোতে গ্ৰেপ্তাৰ কৰিছিল লুভীয়া কাৰ্যবাহী অভিযন্তা গোস্বামীক।

গ্ৰেপ্তাৰ কৰা পিছতে জয়ন্ত গোস্বামীৰ ঘৰৰ অভিযান চলাই দুৰ্নীতি নিবাৰকৰ দলে।দুৰ্নীতি নিবাৰক শাখাৰ অভিযানত বাণ্ডিলে-বাণ্ডিলে উদ্ধাৰ হয় ৫০০ টকীয়া নোট। অভিযানত ৮০ লক্ষাধিক টকা উদ্ধাৰ কৰিছে দুৰ্নীতি নিবাৰক শাখাৰ অভিযানকাৰী দলে।