১১লাখ ৭০হাজাৰ পৰীক্ষাৰ্থীৰ ভাগ্য নিৰ্ণয়ঃ আজি JEE MAINSৰ ফলাফল...

ৱেবচাইট মুকলি নেচনেল টেন্সিং এজেঞ্চীৰ

author-image
Asomiya Pratidin
New Update
১১লাখ ৭০হাজাৰ পৰীক্ষাৰ্থীৰ ভাগ্য নিৰ্ণয়ঃ আজি JEE MAINSৰ ফলাফল...

FILE PHOTO

ডিজিটেল ডেস্কঃ আজি ঘোষণা হ’ব JEE MAINS পৰীক্ষাৰ ফলাফল। দেশৰ প্ৰায় ১১লাখ ৭০হাজাৰ পৰীক্ষাৰ্থী বহা এই গুৰুত্বপূৰ্ণ পৰীক্ষাটোৰ ফলাফলৰ বাবে ৱেবচাইট মুকলি কৰা হৈছে। নেচনেল টেন্সিং এজেঞ্চিয়ে ফলাফল চাবৰ বাবে মুকলি কৰা ৱেবচাইটো হৈছে- jeemain.nta.nic.in.

উল্লেখ কৰা প্ৰয়োজন যে,  ২০২৪বৰ্ষৰ জে ই ই মেইনচ পৰীক্ষাত মুঠ ১২লাখ ৩১হাজাৰ শিক্ষাৰ্থীয়ে আবেদন কৰিছিল যদিও পৰীক্ষাত বহিছিল ১১লাখ ৭০হাজাৰ পৰীক্ষাৰ্থীয়ে। মহাৰাষ্ট্ৰ, তেলেংগানা আৰু অন্ধ্ৰপ্ৰদেশৰ সৰহ সংখ্যক শিক্ষাৰ্থী বহিছিল এই কঠিন পৰীক্ষাটোত।

অসমৰো বহু সংখ্যক শিক্ষাৰ্থী বহিছিল এই পৰীক্ষাত। ১২ফেব্ৰুৱাৰীৰ দিনৰ ১২বজাৰ আগেয়েই শিক্ষাৰ্থীসকলে ফলাফল লাভ কৰিব বুলি সদৰি কৰিছে নেচনেল টেন্সিং এজেঞ্চিয়ে।

Also Read: পুৱা নহয়, ২বজাতহে বাজেট দাখিল কৰিব বিত্তমন্ত্ৰী অজন্তা নেওগে...

JEE Mains results