মুখ্য-পৃষ্ঠা

আস্থা ভোটত জয়ী ঝাৰখণ্ডৰ হেমন্ত চোৰেন চৰকাৰ

Asomiya Pratidin

ডিজিটেল ডেস্কঃ আস্থা ভোটত জয়ী ঝাৰখণ্ডৰ হেমন্ত চোৰেন চৰকাৰ। বিধানসভাৰ বিশেষ অধিৱেশনৰ সময়ছোৱাত সদনত আস্থা প্ৰস্তাৱ আগবঢ়াইছিল হেমন্ত ছোৰেনে।এই প্ৰস্তাৱৰ সপক্ষে মুঠ ৪৫ টা ভোট পোৱাৰ বিপৰীতে বিৰোধীৰ পক্ষত নপৰিল এটাও ভোট।

বিধানসভাত আজি অনুষ্ঠিত হৈছিল আস্থাৰ ভোট। সদনত আলোচনাৰ অন্তত ভোটগ্ৰহণ কৰা হয়।এই আস্থা ভোটত জয়ী হয় জে এম এম চৰকাৰ।উল্লেখ্য যে, ভোটদানৰ সময়ছোৱাত ধাৰাবাহিকভাৱে হুলস্থুলীয়া পৰিৱেশৰ সৃষ্টি হয় আৰু বিধানসভাৰ পৰা ওলাই যায় বিজেপি বিধায়ক সকল।