মুখ্য-পৃষ্ঠা

শোণিতপুৰ আৰু দৰঙত সাদিন-প্ৰতিদিন গোষ্ঠীৰ সহযোগত Johnson's ৰ শিশু সজাগতামূলক কাৰ্যসূচী...

Asomiya Pratidin

ডিজিটেল ডেস্কঃ অসমীয়া প্ৰতিদিন আৰু প্ৰতিদিন টাইমৰ সহযোগত Johnson's এ সমগ্ৰ অসমত 'Johnson's baby Best প্ৰথম দিনৰ পৰাই' নামেৰে এক নৱজাতক শিশুযত্ন আৰু সজাগতা কাৰ্যসূচীৰ আয়োজন কৰিছে। যোৱা ৩আগষ্টত ৰাজ্যৰ ২ন জিলাত অনুষ্ঠিত হয় এই কাৰ্যসূচীৰ। এই দিনটোত মুঠ ৫৭০গৰাকী মাতৃ আৰু সন্তানে অংশগ্ৰহণ কৰে এই কাৰ্যসূচীত।

উল্লেখ কৰা প্ৰয়োজন যে, ৩আগষ্টৰ এই কাৰ্যসূচীত দৰং জিলাৰ দুটাকৈ কেন্দ্ৰত অনুষ্ঠিত হয় এই কাৰ্যসূচীৰ। দৰং জিলাৰ নয়াডিঙা আৰ পশ্চিম মঙলদৈত অনুষ্ঠিত হোৱা কাৰ্যসূচীত ১৭৪গৰাকী আৰু ১৯৮গৰাকী মাতৃ আৰু সন্তানে অংশ লয়।

ইফালে উক্ত দিনটোতে শোণিতপুৰ জিলাৰ দলগাঁও চিলামাৰীত অনুষ্ঠিত হোৱা কাৰ্যসূচীত ১৯৮গৰাকী মাতৃ-সন্তানে অংশ লয়। এই কাৰ্যসূচীত নৱজাতক শিশুসকলক কেনেদৰে যত্ন ল'ব লাগে তাৰ পৰামৰ্শ আগবঢ়ায়।

আজিৰ Johnson's ৰ কাৰ্যসূচীত অংশগ্ৰহণকাৰীসকলক শিশু যত্নৰ বাবে একোটাকৈ স্বাগতম কিট বিতৰণ কৰা হয় । আগন্তুক দিনত ৰাজ্যখনৰ আৰু কেইবাখনো জিলাত জনছন আৰু অসমীয়া প্ৰতিদিনে অনুষ্ঠিত কৰিব এনে ধৰণৰ কাৰ্যসূচী ।