মুখ্য-পৃষ্ঠা

যোৰহাট লোকসভাঃ ১০ বিধানসভা সমষ্টিৰ ৯টাতে কংগ্ৰেছে পাইছিল বেছি ভোট, মাজুলীতহে হাৰিছিল গৌৰৱ গগৈ...

Asomiya Pratidin

ডিজিটেল ডেস্কঃ ২০২৪ৰ লোকসভা নিৰ্বাচনত কংগ্ৰেছে বিজয় সাব্যস্ত কৰা এটা গুৰুত্বপূৰ্ণ সমষ্টি হৈছে যোৰহাট। এইবেলি নিৰ্বাচনত অসমৰ আটাইতকৈ আকৰ্ষণীয় সমষ্টিটোৱেই আছিল যোৰহাট। পূৰ্বৰ বিজেপি সাংসদ তপন গগৈক গৌৰৱ গগৈয়ে এই লোকসভা সমষ্টিটোত ১লাখৰো অধিক ভোটৰ ব্যৱধানত পৰাস্ত কৰিছিল। উল্লেখযোগ্য কথাটো হৈছে যে, এই লোকসভা সমষ্টিৰ অন্তৰ্গত ১০টা বিধানসভা সমষ্টিৰ ৯টাতে পিছ পৰি ৰৈছিল বিজেপি।

যোৰহাট লোকসভা সমষ্টিৰ ভিতৰত থকা বিধানসভা সমষ্টি মাজুলীতহে কেৱল বিজেপিয়ে অগ্ৰগতি লাভ কৰিছিল। মাজুলী বিধানসভা সমষ্টিত তপন গগৈয়ে ৬৫৮৬টা ভোট গৌৰৱ গগৈতকৈ বেছিকৈ লাভ কৰিছিল। সমষ্টিটোত তপন গগৈয়ে ৫৯২৭৬টা ভোট লাভ কৰাৰ বিপৰীতে গৌৰৱ গগৈয়ে ৫২৬৯০ টা ভোট লাভ কৰে । এই মাজুলীৰ বাদে বাকী ৯টা বিধানসভা সমষ্টিত কংগ্ৰেছতকৈ পিছ পৰি ৰৈছিল বিজেপি।

নিৰ্বাচনী আয়োগে প্ৰকাশ কৰা তথ্য অনুসৰি,  বিজেপিৰ দখলত থকা যোৰহাট বিধানসভা সমষ্টিত গৌৰৱ গগৈয়ে ৬০,৬৯৭ টা ভোট লাভ কৰাৰ বিপৰীতে তপন গগৈয়ে ৪৮,৫৬৭ টা ভোট লাভ কৰিছিল। ভোটৰ ব্যৱধান আছিল ১২হাজাৰ ১৩০টা।  

ইফালে টীয়ক বিধানসভা সমষ্টিত গৌৰৱ গগৈয়ে ৮৬,৭১২ টা ভোট লাভ কৰাৰ বিপৰীতে তপন গগৈয়ে ৬৩,৩৩৫ টা ভোট লাভ কৰে। এই সমষ্টিটোতো বিজেপিতকৈ কংগ্ৰেছে ২৩হাজাৰৰো অধিক ভোট লাভ কৰিছিল।  

পূৰ্বৰ পিতৃৰ সমষ্টি তিতাবৰত ৪০হাজাৰ ৫৫৫টা ভোট বেছিকৈ লাভ কৰিছিল গৌৰৱ গগৈয়ে। তিতাবৰ বিধানসভা সমষ্টিত গৌৰৱ গগৈয়ে ৯৭,৩৯২ টা ভোট লাভ কৰাৰ বিপৰীতে তপন গগৈয়ে ৫৬,৮৩৭ টা ভোট লাভ কৰিছিল।

বহুবল্কী বিজেপি বিধায়ক ৰূপজ্যোতি কুৰ্মীৰ সমষ্টিতো ১৬হাজাৰৰো অধিক ভোট লাভ কৰিছিল গৌৰৱ গগৈয়ে।  মৰিয়নী বিধানসভা সমষ্টিত গৌৰৱ গগৈয়ে ৭০, ৯১৬টা ভোট লাভ কৰাৰ বিপৰীতে তপন গগৈয়ে পাইছিল ৫৪,১৩১টা ভোট ।

অখিল গগৈৰ সমষ্টি শিৱসাগৰত গৌৰৱ গগৈয়ে ১৮হাজাৰ ৭৪৮টা ভোটত অগ্ৰগতি লাভ কৰিছিল।  শিৱসাগৰ বিধানসভা সমষ্টিত গৌৰৱ গগৈয়ে ৯১, ৮৪৩ টা ভোট লাভ কৰাৰ বিপৰীতে তপন গগৈয়ে ৭৩,০৯৩ টা ভোট লাভ কৰিছিল।

ডিমৌ বিধানসভা সমষ্টিত গৌৰৱ গগৈয়ে ৭৭৯৩৪ টা ভোট লাভ কৰাৰ বিপৰীতে তপন গগৈয়ে ৬১৮৭৯ টা ভোট লাভ কৰে ।

বিৰোধী দলপতি দেৱব্ৰত শইকীয়াৰ নাজিৰা বিধানসভা সমষ্টিত গৌৰৱ গগৈয়ে ৭০৭২৭টা ভোট লাভ কৰাৰ বিপৰীতে তপন গগৈয়ে ৭০৬০০টা ভোট লাভ কৰে। মাত্ৰ ১২৭টা ভোটত এই সমষ্টিত আগবাঢ়িছিল গৌৰৱ গগৈ।

গৃহ সমষ্টি সোণাৰিতে পিছ পৰিছিল তপন গগৈ।  সোণাৰি বিধানসভা সমষ্টিত গৌৰৱ গগৈয়ে ৭১৬০৩ টা ভোট লাভ কৰাৰ বিপৰীতে তপন গগৈয়ে ৬১২৬৯ টা ভোট লাভ কৰে । ভোটৰ ব্যৱধান ১০,৩৩৪ টা।  ইফালে মাহমৰা বিধানসভা সমষ্টিত গৌৰৱ গগৈয়ে ৬২৬৮০ টা ভোট লাভ কৰাৰ বিপৰীতে তপন গগৈয়ে ৫৩০৩০ টা ভোট লাভ কৰিছিল।