মুখ্য-পৃষ্ঠা

ভোটদানৰ অভিলেখঃ পুৱা ৯বজালৈকে যোৰহাটত ১৫ আৰু ডিব্ৰুগড়ত ১০শতাংশ ভোটদান...

Asomiya Pratidin

ডিজিটেল ডেস্কঃ প্ৰথম পৰ্যায়ৰ লোকসভা নিৰ্বাচনত অসমৰ ৫সমষ্টিত ভোটাৰৰ অভিলেখ সংখ্যক সহাঁৰি দেখিবলৈ পোৱা গৈছে। যোৰহাট আৰু ডিব্ৰুগড়ত পুৱা ৪বজাৰে পৰা লাইন ধৰিছে ভোটাৰ ৰাইজে। পুৱা ৯বজালৈকে যোৰহাটত ভোটদানৰ হাৰ ১৫.০৩শতাংশ আৰু ডিব্ৰুগড়ত ভোটদানৰ হাৰ ১০.২৫শতাংশ।

প্ৰাপ্ত খবৰ অনুসৰি, অসমৰ প্ৰতিটো সমষ্টিতে মহিলাতকৈ পুৰুষ ভোটাৰৰ সক্ৰিয় অংশগ্ৰহণ দেখিবলৈ পোৱা গৈছে। উল্লেখ কৰা প্ৰয়োজন যে, পূৰ্বে কেতিয়াও পুৱাভাগতে এনে অভিলেখ সংখ্যক ভোটাধিকাৰ সাব্যস্ত হোৱা নাছিল।  ইফালে অসমৰ ৫সমষ্টিৰ লখিমপুৰত পুৱা ৯বজালৈকে ১০শতাংশ, শোণিতপুৰত ৯.৮৫শতাংশ আৰু কাজিৰঙাত ১০.১৭শতাংশ ভোটাধিকাৰ সাব্যস্ত হৈছে।