মুখ্য-পৃষ্ঠা

কবীন্দ্ৰ পুৰকায়স্থক সন্মানীয় ডিগ্ৰী প্ৰদানৰ ঘোষণা অসম বিশ্ববিদ্যালয়ৰ

Asomiya Pratidin

ডিজিটেল সংবাদ, শিলচৰ: প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী তথা উত্তৰ পূৱ বিজেপিৰ প্ৰতিষ্ঠাতা , পিতামহ কবীন্দ্ৰ পুৰকায়স্থক সন্মানীয় ডক্টৰেট ডিগ্ৰী প্ৰদান কৰিব শিলচৰৰ অসম বিশ্ববিদ্যালয়ে। ৰাজনীতিৰ ক্ষেত্ৰত তেওঁৰ বিশেষ অৱদানৰ বাবে বিশ্ববিদ্যালয়খনে জ্যেষ্ঠ বিজেপি নেতাজনক এই সন্মান প্ৰদান কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে।

কাৰ্যবাহী পৰিষদৰ বৈঠকত উক্ত সন্মান প্ৰদান সন্দৰ্ভত আনুষ্ঠানিকভাৱে অনুমোদন জনোৱা হৈছে। ১৩ ছেপ্টেম্বৰত বিশ্ববিদ্যালয়ৰ ২১ সংখ্যক সমাৱৰ্তন অনুষ্ঠানত এই ডক্টৰেট ডিগ্ৰী প্ৰদান কৰা হ'ব। এই বছৰ এই ডক্টৰেট সন্মানৰ‌ বাবে অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি ৰংবং তেৰাঙ আৰু সাহিত্য অকাডেমি অনুবাদ বঁটা বিজয়ী ড০ দিগন্ত বিশ্ব শৰ্মাক নিৰ্বাচন কৰা হৈছে।