মুখ্য-পৃষ্ঠা

মৰণফান্দত পৰিণত হৈছে বৰখলাৰ নিৰ্মিয়মাণ এটা পথ...

Asomiya Pratidin

ডিজিটেল সংবাদ, শিলচৰ: কাছাৰ জিলাৰ বৰখলা সমষ্টিত নিৰ্মিয়মাণ এটা পথে জ্বলাকলা খুৱাইছে বৰখলা আৰু কাটিগৰা বাসীক।  অসম মালাৰ অধীনত নিৰ্মিয়মাণ ২১ কিমি দৈৰ্ঘৰ পথছোৱাৰ বাবে বৰখলাবাসীয়ে ভুগিবলগীয়া হৈছে যমৰ যাতনা।

বৰখলাৰ ফ'ৰলেন জিৰো পইন্টৰ পৰা কালাইনলৈ নিৰ্মাণ হ'বলগা শিলচৰ-জয়ন্তীয়া পথছোৱা নিৰ্মাণৰ ঠিকা লাভ কৰিছে "মেছাৰ্চ বিক্ৰম ইনফ্ৰাটেক ডেভ'লাপাৰ্চ প্ৰা: লি: নামৰ নিৰ্মাণ সংস্থাটোৱে। এবছৰ পূৰ্বেই পথছোৱাৰ নিৰ্মাণৰ কাম আৰম্ভ কৰাছিল যদিও ঠিকাদাৰৰ চুড়ান্ত হেমাহীৰ বাবে বাৰিষাৰ খেতি পথাৰত পৰিণত হৈছে পথছোৱা।

পথৰ মাজত সৃষ্টি  হোৱা পুখুৰী সদৃশ গাতবোৰত প্ৰতিদিনে সংঘটিত হৈছে দুৰ্ঘটনা। পথৰ ওপৰতে বিকল হৈ পৰে যানবাহনসমূহ। বৰষুণ দিয়াৰ পিচত পথছোৱা কদৰ্যময় হোৱাত যানবাহন আৰু পথচাৰী চলাচলাত ভীষণ সমস্যাৰ সন্মুখীন হবলগা হৈছে। 

বৰখলা আৰু কাটিগৰা সমষ্টিক সংযোগ কৰা এই পথছোৱাত পুখুৰী সদৃশ প্ৰকাণ্ড প্ৰকাণ্ড গাতৰ সৃষ্টি হোৱা ফলত স্কুলীয়া ছাত্ৰ-ছাত্ৰী আৰু ৰোগী অনা নিয়া কৰা বাহনসমূহ প্ৰায়ে দুৰ্ঘটনাৰ কবলত পৰে। তদুপৰি,পথছোৱা নিৰ্মাণৰ নামত পথৰ কাষত থকা বৈদ্যুতিক খুটি আৰু পানী যোগান আঁচনিৰ পাইপসমূহ উঠাই দিয়াৰ ফলতো কষ্টৰ সন্মুখীন হৈছে বৰখলাবাসী।