মুখ্য-পৃষ্ঠা

কাছাৰত বান পীড়িতৰ উত্তাল প্ৰতিবাদ..

Asomiya Pratidin

ডিজিটেল সংবাদ, শিলচৰঃ বান সাহায্য নোপোৱাৰ প্ৰতিবাদত এইবাৰ কাছাৰৰ কাটিগৰা চক্র বিষয়াৰ কার্যালয় ঘেৰাও কৰিলে শ শ বানাক্রান্তই। বানপানীত ককবকাই থকা বন্যাৰ্তক সাহায্য প্ৰদান নকৰাৰ প্ৰতিবাদত চক্ৰ বিষয়াৰ কাৰ্যলয় ঘেৰাও কৰে বন্যাৰ্তসকলে।

ভাৰত বাংলাদেশ সীমান্তৰ মহাদেবপুৰ, ৰংপুৰ,নাটানপুৰ, চৰচপুৰ আদি ৬খন গাঁও পঞ্চায়তৰ লোকে ঘেৰাও কৰে চক্র বিষয়াৰ কার্যালয়। চক্ৰ বিষয়া হায় হায়, বিধায়ক খলিল উদ্দিন মজুমদাৰ হায় হায় আদি শ্লোগান দি পৰিস্থিতি উত্তপ্ত কৰে বন্যাৰ্তসকলে।‌ কেইবাদিন ধৰি বানত বুৰি থকাৰ পিচতো আজিলৈ প্রশাসনৰ লোকে বানাক্রান্তৰ খবৰ নোলোৱাৰ অভিযোগ উত্থাপন কৰিছে বন্যাৰ্তসকলে। কাটিগৰাৰৰ বিধায়ক খলিল উদ্দিন মজুমদাৰৰ বিৰুদ্ধে সৰৱ হৈ পৰে বন্যাৰ্তসকল। দুৰ্দিনৰ সময়ত বিধায়ক গৰাকীয়ে বন্যাৰ্তসকলৰ খবৰ নোলোৱাত ক্ষুদ্ব হৈ পৰে বন্যাৰ্ত লোকসকল।‌