মুখ্য-পৃষ্ঠা

ৰাজ্যত গৰমৰ প্ৰকোপঃ কচুৱাত বিদ্যালয়তে ঢলি পৰিল দুগৰাকী ছাত্ৰী

Asomiya Pratidin
  • নগাঁৱৰ কচুৱাত সংঘটিত হৈছে অঘটন।

  • প্ৰচণ্ড গৰমৰ বাবে বিদ্যালয়তে ঢলি পৰিল দুগৰাকী ছাত্ৰী।

  • ততাতৈয়াকৈ কচুৱা মডেল হাস্পতালত ভৰ্তি কৰোৱা হয় ছাত্ৰী দুগৰাকীক।

  • কচুৱাৰ গাৰ্লচ হাইস্কুল আৰু কচুৱা তিনিআলি জাতীয় বিদ্যালয়ৰ দুগৰাকীকৈ ছাত্ৰী চিকিৎসাধীন‌।

  • বৰ্তমানে কিছু পৰিমানে সুস্থ যদিও চিকিৎসকৰ তত্বাৱধানত চিকিৎসা প্ৰদান কৰি থকা হৈছে ছাত্ৰী দুগৰাকীক।

  • উল্লেখ্য যে চৰকাৰে বান্ধি দিয়া নিয়ম মতেই ৰাতিপুৱা ৮ বজাৰ পৰাই বিদ্যালয়ৰ পাঠদান চলি আছিল আৰু ছুটিৰ কিছু সময় আগতেই এই ঘটনা সংঘটিত হয়।