মুখ্য-পৃষ্ঠা

ধুবুৰীত AIUDF পৰাজিত হোৱাটো অসমৰ বাবে ভালঃ গৌৰৱ গগৈ...

Asomiya Pratidin

ডিজিটেল সংবাদ,কলিয়াবৰ: কলিয়াবৰবাসীয়ে এই বাৰ তিনি গৰাকীকৈ সাংসদ লাভ কৰিছে। এই মন্তব্য যোৰহাট সমষ্টিৰ নৱ নিৰ্বাচিত সাংসদ গৌৰৱ গগৈৰ। আজি কলিয়াবৰ তিনি আলিৰ গৌৰী ভৱনত অনুষ্ঠিত কংগ্ৰেছ দলৰ এখন সভাত সাংসদ গৌৰৱ গগৈয়ে দলীয় আদৰণি গ্ৰহণ কৰি দলীয় কৰ্মী সকলক উৎসাহিত কৰা পৰিলক্ষিত হ'ল।

কলিয়াবৰ লোকসভা সমষ্টিৰ অন্তিম গৰাকী (যিহেতু কলিয়াবৰ লোকসভা সমষ্টি বিলোপ কৰি কাজিৰঙা লোকসভা সমষ্টি নামৰে নামাকৰণ কৰা হ'ল) সাংসদ তথা যোৰহাট লোকসভা সমষ্টিৰ নৱ নিৰ্বাচিত সাংসদ গৌৰৱ গগৈয়ে সভাৰ অন্তত সাংবাদিকৰ আগত বক্তব্য ৰাখি সমালোচনা কৰে বিজেপি দলটিক।

গৌৰৱ গগৈয়ে " শ্বেয়াৰ মাৰ্কেটৰ উত্থান - পতনৰ ক্ষেত্ৰত বিছাৰিলে তদন্ত।মৃণাল শইকীয়াই শুভেচ্ছা জনোৱা সম্পৰ্কত মুখ্যমন্ত্ৰীয়ে দিয়া বক্তব্য প্ৰসঙ্গত গৌৰৱ গগৈয়ে কয় - মৃণাল শইকীয়া ,ৰাজেন গোঁহাই ,অশোক শৰ্মা কট্টৰ বিজেপি ,তেওঁলোকে দলটোক ভাল পায়। যি পৰামৰ্শ আহিছে সেই পৰামৰ্শ শুনিবলৈ ধৈৰ্য নাই কিয় ? তেওঁলোকে দলটোৰ আদৰ্শ ভাল পাই হে দলটোলৈ আহিছে।

মুখ্যমন্ত্ৰীৰ তিৰ্যক বাক্যবাণ এৰি গৌৰৱ গগৈয়ে কয় - মৃণাল শইকীয়া ,ৰাজেন গোহাঁই ,অশোক শৰ্মাই নিজৰ ফাইল বন্ধ কৰিবলৈ , ধন- সম্পত্তি কৰিবলৈ বিজেপি দলত সোমোৱা নাই। নিজৰ চি বি আইৰ এনকুৱাৰি বন্ধ কৰিবলৈ বিজেপি দলত সোমোৱা নাই। ধুবুৰীত এ আই ইউ ডি এফ পৰাজিত হোৱাটো অসমৰ পৰিৱেশৰ বাবে শুভলক্ষণ বুলিও মন্তব্য গৌৰৱ গগৈৰ। ৰকিবুল হুছেইনৰ বিজয়ে বহু অপপ্ৰচাৰো গুৰুত্বহীন কৰিলে বুলি মন্তব্য আগবঢ়ালে সাংসদ গৰাকীয়ে।