মুখ্য-পৃষ্ঠা

কলিয়াবৰত আতংকঃ চিকুনগুনিয়া ভাইৰাছৰ দ্বাৰা আক্ৰান্ত হোৱাৰ সন্দেহ...

Asomiya Pratidin

ডিজিটেল সংবাদ, কলিয়াবৰঃ ৰাজ্যত এইবাৰ প্ৰাদুৰ্ভাৱ ঘটিছে চিকুনগুনিয়া ৰোগৰ আতংকৰ। কলিয়াবৰৰ বৰভগীয়াৰ এজন লোক চিকুনগুনিয়া ভাইৰাছৰ দ্বাৰা আক্ৰান্ত হোৱাৰ সন্দেহ কৰা হৈছে। ফলত অঞ্চলজুৰি আতংকৰ সৃষ্টি হৈছে।

কিছুদিনৰ পৰা শ্বিলঙৰ NEIGRIHMS হস্পিতালত যকৃতৰ লগতে কেইবাটাও ৰোগত আক্ৰান্ত লোকজন চিকিৎসাধীন হৈ আছিল। শেহতীয়াভাৱে লোকজনৰ শৰীৰত চিকুনগুনিয়া ভাইৰাছৰ অৱস্থিতি ধৰা পৰাৰ খবৰ লাভ কৰাৰ পিছতে তৎপৰ হৈ উঠিছে ৰাজ্যৰ স্বাস্থ্য বিভাগ।

শুকুৰবাৰে অঞ্চলটোত নগাঁও জিলা স্বাস্থ্য বিভাগৰ লোক উপস্থিত হৈ সজাগতামূলক সভা অনুষ্ঠিত কৰাৰ লগতে অঞ্চলটোত ধোঁৱা দিয়াৰ ব্যৱস্থা কৰে। উল্লেখ্য যে, ২০০৮ চনত অসমত প্ৰথমজন চিকুনগুনিয়া ৰোগী চিনাক্ত হৈছিল যদিও সমগ্ৰ ভাৰততে বিৰল এই ৰোগ। আনহাতে, ম'হৰ দ্বাৰা বিয়পা এই ভাইৰাছৰ সংক্ৰমণ সজাগ-সচেতনতাৰ দ্বাৰা ৰোধ কৰাৰ বাবে ৰাইজক আহ্বান জনাইছে নগাঁও জিলা স্বাস্থ্য বিভাগে।