মুখ্য-পৃষ্ঠা

কলিয়াবৰৰ উলুৱনী থানাৰ উপপৰিদৰ্শৰ অকাল বিয়োগ...

Asomiya Pratidin

ডিজিটেল সংবাদ,কলিয়াবৰঃ কলিয়াবৰৰ উলুৱনী আৰক্ষী নিৱেশত শুকুৰবাৰে কৰ্মৰত অৱস্থাতে এজন আৰক্ষী বিষয়াৰ অকাল মৃত্যু ঘটে। মৃত্যু হোৱা আৰক্ষী বিষয়াগৰাকী হৈছে থানাখনৰ উপপৰিদৰ্শক আয়ুব খান।

জানিব পৰা মতে, থানাৰ কোৱাৰ্টাৰত হঠাৎ প্ৰেচাৰ ষ্ট্ৰ'ক হৈছিল আৰক্ষীগৰাকীৰ। লগে লগে উলুৱনী আৰক্ষীয়ে হাস্পতাললৈ লৈ যায় যদিও চিকিৎসকে আয়ুব খানৰ মৃত্যু হোৱা বুলি সদৰি কৰে।

ইয়াৰ পিছতে উলুৱনী আৰক্ষী নিৱেশত আৰক্ষী বিষয়া আয়ুব খানক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰাৰ পাছত আৰক্ষী বিষয়াজনৰ মৃতদেহ নগাঁৱৰ আৰক্ষী ৰিজাৰ্ভত সতীৰ্থ আৰক্ষীসকলে চমজাই দিয়ে। উল্লেখ্য যে, মৃত আয়ুব খানৰ ঘৰ আছিল বৰপেটা হাউলীত। মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৫২ বছৰ।