মুখ্য-পৃষ্ঠা

কামৰূপ জিলা আবকাৰী বিভাগৰ বৃহৎ সফলতাঃ পৃথক পৃথক অভিযানত জব্দ বুজন পৰিমাণৰ অবৈধ সুৰা

Asomiya Pratidin

ডিজিটেল সংবাদ,গুৱাহাটীঃ নিচাযুক্ত সামগ্ৰীক লৈ অভিযান অব্যাহত ৰাখিছে কামৰূপ জিলা আৰক্ষীয়ে। ২২ জুনত কামৰূপ জিলা আবকাৰীৰ এটা দলে গোপন তথ্যৰ ভিত্তিত অভিযান চলাই বহু পৰিমাণৰ সুৰাৰ বটল, সুৰা নিৰ্মাণৰ সামগ্ৰী জব্দ কৰে। আৰক্ষীয়ে ঘটনাৰ লগত জড়িত থকাৰ অভিযোগত ডি ডি চৌবে নামৰ এজন লোকক আটক কৰে।

একে সময়তে কামৰূপ মেট্ৰ’ আবকাৰীৰ আন এটা দলে অভিযুক্তৰ ঘৰত তালাচী চলাই সুৰা আৰু সুৰা প্ৰস্তুতৰ বাবে ব্যৱহৃত সামগ্ৰী জব্দ কৰে। জেৰাৰ অন্তত আৰু প্ৰথম অভিযুক্তৰ পৰা পোৱা তথ্যৰ ভিত্তিত আৰক্ষীয়ে ডি নেঁওগ নামৰ আন এজন সৰবৰাহকাৰীকো আটক কৰে। লগতে অভিযুক্তৰ বাহনৰ পৰা সুৰা বনোৱা সামগ্ৰী জব্দ কৰে।

ডি নেঁওগক জেৰা কৰা পিছত কোকৰাঝাৰ জিলা আৰু মেঘালয়ৰ অবৈধ সুৰা উৎপাদনকাৰী চক্ৰ সন্দৰ্ভতো কিছু গুৰুত্বপূৰ্ণ তথ্য লাভ কৰিছিল আৰক্ষীয়ে। ২৩ জুনত অসমৰ আবকাৰী আয়ুক্তৰ নিৰ্দেশ অনুসৰি কামৰূপ মেট্ৰ’ আবকাৰীৰ এটা দলে কোকৰাঝাৰ আবকাৰী দলৰ সহায়ত কোকৰাঝাৰত অবৈধ সুৰা উৎপাদন কৰা এটা চক্ৰক আটক কৰে।

আৰক্ষীয়ে প্ৰায় ৫০ হাজাৰ খালী বটল, ৯৫ হাজাৰ বটলৰ টুপি, ৫০ হাজাৰৰো অধিক নকল হ’ল’গ্ৰাম, প্ৰায় ৬০০০ টা কাৰ্টুন, কেৰামেল, ইএনএ ৰ লগতে বহু সামগ্ৰী জব্দ কৰিবলৈ সক্ষম হয়।

আনহাতে ২৫ জুনত অন্য এক তথ্যৰ ভিত্তিত আবকাৰী আয়ুক্তৰ পৰামৰ্শ মতে কামৰূপ আবকাৰীৰ এটা দলে মেঘালয় আবকাৰীৰ সৈতে যৌথভাৱে মেঘালয়ৰ ৰি ভয় জিলাত অভিযান চলায়।

উক্ত স্থানত আৰক্ষীয়ে অবৈধ সুৰা উৎপাদন কৰা এটা কাৰখানা ধ্বংস কৰে। এই উদ্যোগটোত প্ৰায় ১৫০০ টা আই এম এফ এলৰ কেচ, বুজন পৰিমাণৰ ভুৱা লেবেল আৰু ভুৱা হ’ল’গ্ৰাম, ই এন এ ভেট, ব্লেণ্ডিং ভেট, এছেম্বলি লাইন আদি জব্দ কৰে। আৰক্ষীয়ে কাৰখানাটোৰ পৰা দুজন লোকক আটক কৰি গোচৰ ৰুজু কৰিছে।

উল্লেখ্য যে, আবকাৰী বিভাগৰ এই সফলতাৰ শলাগ লৈছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। লগতে অবৈধ সুৰাৰ বিৰুদ্ধে আৰক্ষীৰ এই অভিযান অব্যাহত থাকিব বুলি মন্তব্য কৰে আবকাৰী আয়ুক্ত জিতু দলেয়ে।