মুখ্য-পৃষ্ঠা

২২বছৰ বয়সতে হৈছিল IPS, কিন্তু হঠাতে কিয় এৰিলে চাকৰি...

Asomiya Pratidin

ডিজিটেল ডেস্কঃ লেডী সিংহম ৰূপে জনাজাত আই পি এছ বিষয়া কাম্যা মিশ্ৰাই চাকৰি এৰিলে। মোহময়ী আই পি এছ অফিচাৰ গৰাকীয়ে কিয় হঠাতে এনে সিদ্ধান্ত গ্ৰহণ কৰিলে তাক লৈ দেশজুৰি চৰ্চা হৈছিল। ২২বছৰ বয়সতে আই পি এছ অফিচাৰ হোৱা কাম্যাই ইতিমধ্যে পদত্যাগ পত্ৰ প্ৰেৰণ কৰিছে যদিও, এতিয়ালৈকে গ্ৰহণ কৰা নাই কৰ্তৃপক্ষই। দৰভঙ্গাৰ আৰক্ষী অধীক্ষক হিচাপে কাৰ্যনিৰ্বাহ কৰি থকা কাম্যাই ব্যক্তিগত অসুবিধাৰ বাবে এই চাকৰিৰ পৰা অৱসৰ লোৱাৰ কথা পদত্যাগ পত্ৰত উল্লেখ কৰিছে।

কাম্যা মিশ্ৰা সামাজিক মাধ্যমত খুবেই জনপ্ৰিয়। মূলত ওড়িশাৰ নিৱাসী কাম্যা সৰুৰে পৰাই পঢ়া-শুনাত আছিল অতিকৈ আগ্ৰহী। দ্বাদশ শ্ৰেণীত ৯৮শতাংশ নম্বৰ লৈ উৰ্ত্তীণ হৈছিল কাম্যা। ইয়াৰ পিছতে প্ৰথমবাৰতে ইউ পি এছ চি পৰীক্ষাত সফলতা অৰ্জন কৰিছিল তেওঁ। তেতিয়া তেওঁৰ বয়স আছিল মাত্ৰ ২২বছৰ। দিল্লীৰ লেডী শ্ৰীৰাম বিশ্ববিদ্যালয়ৰ পৰা বি এ পাছ কৰিছল কাম্যাই। ২০১৯ৰ ১৭২সংখ্যক ৰেংক পাই আই পি এছৰ বাবে মনোনীত হৈছিল তেওঁ।

কাম্যাৰ স্বামীও এগৰাকী আই পি এছ বিষয়া। নিজৰ কামৰ বাবে অতিকৈ চৰ্চাত থকা এইগৰাকী কাম্যাই হঠাতে চাকৰি ত্যাগ কৰা খবৰটো সহজভাৱে লব পৰা নাই বহুতে। উল্লেখ কৰা প্ৰয়োজন যে, ভি আই পি পাৰ্টিৰ নেতা মুকেশ ছহনীৰ পিতা জিতেন ছহনীৰ মৃত্যুৰ তদন্ত কৰিছিল এইগৰাকী আই পি এছ বিষয়াই। অতিকৈ সুদক্ষ এই বিষয়াগৰাকীয়ে চাকৰি এৰা প্ৰসংগটোক লৈ চৰ্চা চলি থকা সময়তে তেওঁ নিজেই স্পষ্ট কৰিলে তেওঁ সম্পূৰ্ণ ব্যক্তিগত কামৰ বাবে এই চাকৰি ত্যাগ কৰিছে।

উল্লেখ কৰা প্ৰয়োজন যে, বিগত এটা বছৰত বিহাৰৰ দুগৰাকীকৈ আই পি এছ বিষয়াই ত্যাগ কৰিছে চাকৰি। ইয়াৰে এগৰাকী হৈছে অসমত কাৰ্যনিৰ্বাহ কৰা আনন্দ মিশ্ৰ। ৰাজনীতি কৰিবলৈ মিশ্ৰই চাকৰি এৰাৰ প্ৰসংগই চৰ্চা লাভ কৰিছিল যদিও ইয়াৰ পটভূমি আছিল কিন্তু বেলেগ। শেহতীয়াকৈ চাকৰি জীৱন ত্যাগ কৰা কাব্য মিশ্ৰাই চাকৰি এৰাক লৈও সচেতন মহলৰ মাজত বহু প্ৰশ্নৰ উদয় হৈছে।