মুখ্য-পৃষ্ঠা

অৰুণাচল নিৰ্বাচনঃ লিকাবালিত তৃতীয় বাৰৰ বাবে বিধায়ক হ'ল কৰ্দু নিকিয়াৰ

Asomiya Pratidin

ডিজিটেল ডেস্কঃ অৰুণাচল প্ৰদেশৰ সাধাৰণ নিৰ্বাচনত ২৮ নং লিকাবালি বিধানসভা সমষ্টিত তৃতীয় বাৰৰ বাবে নিৰ্বাচিত হ'ল কাৰ্দু নিকিয়াৰ (KARDO NYICYOR)। বিজেপি প্ৰাৰ্থী কাৰ্দু নিকিয়াৰে নিকটতম প্ৰতিদ্বন্দী নিৰ্দলীয় মলি ৰিবাক ২৬০৫ টা ভোটৰ ব্যৱধানত পৰাস্ত কৰে।

বিজেপি প্ৰাৰ্থী কাৰ্দুৱে ৬,৬০৭ টা ভোট লাভ কৰাৰ বিপৰীতে নিৰ্দলীয় মলি ৰিবাই ৪০০২ ভোট লাভ কৰে। তৃতীয় বাৰৰ বাবে বিধায়ক নিৰ্বাচিত কাৰ্দু নিকিয়ৰে ২০১৭ চনত বিজেপি, ২০১৯ চনত পিপিএ আৰু এইবাৰ পুনৰ বিজেপিৰ পৰা যুঁজত নামি বিজয় মুকুট পিন্ধিবলৈ সক্ষম হয়।

একেদৰে অসম অৰুণাচল প্ৰদেশৰ সীমান্তৱৰ্তী ৩৬ নং নাৰী কয়ু সমষ্টিত বিজেপিৰ তজিৰ কাদুৱে নিকটতম প্ৰতিদ্বন্দী নিৰ্দলীয় জিগং আপাঙক ১৬৯৪ টকা ভোটত পৰাস্ত কৰে। বিজেপিৰ প্ৰাৰ্থী জনে ৪৫৪৫ টা ভোট লাভ কৰাৰ বিপৰীতে নিৰ্দলীয়ই লাভ কৰে ২৮৯৬ টা ভোট।

নৱ নিৰ্বাচিত বিধায়কদ্বয়ে সমাগত সময়ত শিক্ষা,ক্ৰীড়া, স্বাস্থ্য আদি দিশত আমূল সংস্কাৰ সাধন কৰিব বুলি সদৰি কৰে। আজি নিৰ্বাচনৰ ফলাফল ঘোষণাৰ পিছতে সীমান্ত অঞ্চলটোত দেখা গৈছে আনন্দৰ জোৱাৰ।