মুখ্য-পৃষ্ঠা

বানৰ কবলত কাজিৰঙা: যানবাহন চলাচলত প্ৰশাসনৰ নতুন নির্দেশনা

Asomiya Pratidin

ডিজিটেল ডেস্কঃ বানৰ সময়ছোৱাত জীৱ-জন্তুৰ সুৰক্ষাৰ প্ৰতি লক্ষ্য ৰাখি কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু ব্যাঘ্ৰ সংৰক্ষিত প্ৰকল্পৰ অধীনৰ ৰাষ্ট্ৰীয় ঘাইপথত বাহনৰ চলাচলৰ ক্ষেত্ৰত জিলা প্রশাসনে বিশেষ ব্যৱস্থা গ্ৰহণ কৰিছে।

উদ্যানখনৰ জীৱ-জন্তুৰ সুৰক্ষাৰ প্ৰতি লক্ষ্য ৰাখি যান বাহন চলাচলৰ ক্ষেত্ৰত নতুন নির্দেশনা জাৰি কৰা হৈছে। ৰাষ্ট্ৰীয় উদ্যানখনৰ মাজেৰে যাবলগীয়া যাত্রীবাহী আৰু বাণিজ্যিক বাহনসমূহৰ ক্ষেত্ৰত শনিবাৰৰ পৰা প্ৰযোজ্য হ'ব এই নতুন নির্দেশনা।

সেই অনুসৰি আজি পুৱা ৭ বজাৰ পৰা বিয়লি ৩ বজাৰ ভিতৰত নুমলীগড় তিনিআলী হৈ বাণিজ্যিক ট্রাকৰ প্ৰৱেশত অনুমতি দিয়া হৈছে। ইফালে, পানবাৰী, বোকাখাট আৰু বাগৰিসীমা হৈ বাণিজ্যিক ট্রাকসমূহে পুৱা ৮ বজাৰ পৰা বিয়লি ৪ বজাৰ ভিতৰত নিয়ন্ত্রিত গতিবেগত চলাচল কৰিব পাৰিব।

বিয়লি ৪ বজাৰ পৰা পুৱা ৮ বজালৈ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত বাণিজ্যিক ট্রাকৰ প্ৰৱেশত বাধা আৰোপ কৰা হৈছে। আনহাতে, ব্যক্তিগত আৰু বাণিজ্যিক সকলো যাত্রীবাহী বাহনৰ চলাচল আৰক্ষী আৰু বন বিভাগে নির্ধাৰিত কৰি দিয়া গতিবেগত প্রতি আধা ঘণ্টাৰ মূৰে মূৰে ২৪ ঘণ্টাই চলাচল কৰিব পাৰিব।

উল্লেখযোগ্য যে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বান পৰিস্থিতি এতিয়াও শাম কটা নাই। ইয়াৰ পৰিপেক্ষিতত বনাঞ্চলসমূহৰ জীৱ- জন্তুৱে দুর্ভোগ ভুগিছে। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ ৯৫টা বন শিবিৰ এলেকা প্লাবিত হৈছে। ৰাষ্ট্ৰীয় উদ্যান কর্তৃপক্ষই জানিবলৈ দিয়া মতে ৰাষ্ট্ৰীয় উদ্যানখনত এতিয়ালৈতে ৩১টা বণ্যপ্ৰাণীৰ মৃত্যু হৈছে।

ৰাষ্ট্ৰীয় উদ্যানখনৰ ৯০ শতাংশ অঞ্চল প্লাবিত হোৱাৰ পৰিপ্ৰেক্ষিতত বন্যপ্রাণীসমূহে বন বিভাগে নির্মাণ কৰা হাইলেণ্ড অর্থাৎ মাটিৰ ওখ ঢিপ সমূহত আশ্ৰয় লোৱা পৰিলক্ষিত হৈছে। কিছু সংখ্যক বন্যপ্রাণী ৩৭ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথ অতিক্ৰম কৰি দক্ষিণ দিশৰ কাৰ্বি পাহাৰ তথা পাহাৰৰ নামনিত আশ্ৰয় লৈছে। ইয়াৰোপৰি ৰাজ্যৰ বিভিন্ন বনাঞ্চলৰ জীৱ-জন্তুসমূহে খাদ্য আৰু ওখ স্থানৰ সন্ধানত জনাঞ্চলত প্ৰৱেশ কৰা পৰিলক্ষিত হৈছে।