মুখ্য-পৃষ্ঠা

জেডিইউৰ ৰাষ্ট্ৰীয় মুখপাত্ৰৰ পদত্যাগ, ৰাজীৱ ৰঞ্জনক দায়িত্ব প্ৰদান

Asomiya Pratidin

ডিজিটেল ডেস্কঃ পদ ত্যাগ কৰিলে জনতা দল (ইউনাইটেড)ৰ জ্যেষ্ঠ নেতা কে চি ত্যাগীয়ে। ব্যক্তিগত কাৰণত দলটোৰ ৰাষ্ট্ৰীয় মুখপাত্ৰ পদৰ পৰা পদত্যাগ কৰিছে জ্যেষ্ঠ নেতাগৰাকীয়ে।

উল্লেখ্যযোগ্য যে ত্যাগীৰ পদত্যাগৰ পিছতে ৰাজীৱ ৰঞ্জনক জেডিইউৰ নতুন ৰাষ্ট্ৰীয় মুখপাত্ৰ হিচাপে নিযুক্তি দিয়া হৈছে। দেওবাৰে এই কথা জনালে দলৰ সাধাৰণ সম্পাদক আফাক আহমেদ খানে।

অৱশ্যে কে চি ত্যাগীৰ পদত্যাগৰ আঁৰত আন বহু কাৰণ লুকাই আছে বুলি জানিব পৰা গৈছে। তেওঁৰ বক্তব্যৰ বাবে দলৰ বাহিৰে ভিতৰে সৃষ্টি হোৱা মতানৈক্যও চৰ্চালৈ আহিছে। তেওঁ কৰা বিভিন্ন মন্তব্যৰ বাবে দলৰ কৰ্মীসকলৰ মাজত দীৰ্ঘদিন ধৰি অসন্তুষ্টি বিৰাজ কৰিছিল।

পোহৰলৈ অহা খবৰ অনুসৰি বিগত সময়ত তেঁও কেইবাবাৰো দলৰ নেতৃত্ব অথবা আন জ্যেষ্ঠ নেতাৰে পৰামৰ্শ নোলোৱাকৈ কেতবোৰ বিবৃতি প্ৰকাশ কৰিছিল। ইয়াৰ বাবেই সৃষ্টি হৈছিল দলৰ ভিতৰত অসন্তুষ্টিৰ।

ইয়াৰোপৰি ত্যাগীৰ বক্তব্যৰ বাবেই কেৱল জেডিইউৰ ভিতৰতে নহয় এনডিএৰ ভিতৰতো মতানৈক্যৰ খবৰ পোহৰলৈ আহিছিল। বিশেষকৈ বৈদেশিক নীতিৰ বিষয়ত তেওঁ ভাৰতীয় মিত্ৰজোঁটৰ নেতাসকলৰ সৈতে যোগদান কৰি ইজৰাইললৈ অস্ত্ৰ যোগান বন্ধ কৰাৰ বাবে যৌথ বিবৃতিত স্বাক্ষৰ কৰাৰ তথ্য পোহৰলৈ আহিছে।

ইয়াৰ উপৰিও ত্যাগীয়ে দলৰ সৈতে আলোচনা নকৰাকৈ অনুসূচিত জাতি/জনজাতি সংৰক্ষণ সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ সিদ্ধান্ত সন্দৰ্ভত এক বিবৃতি প্ৰকাশ কৰি দলৰ নেতৃত্বক অসন্তুষ্ট কৰি তুলিছিল।

ত্যাগীয়ে বহুবাৰ নিজৰ ব্যক্তিগত মতামতক দলৰ মতামত বুলি দাঙি ধৰিছিল, যাৰ বাবে দলৰ ভাবমূর্তি আৰু নেতৃত্বৰ ওপৰত প্রশ্ন উত্থাপন হৈছিল৷ এই পৰিস্থিতি দলটোৰ বাবে অস্বস্তিকৰ হৈ পৰিছিল। সেইবাৰে দলৰ মৰ্যাদা অটুট ৰাখিবলৈ জেডিইউৰ নেতৃত্বই ত্যাগীৰ পদত্যাগ মানি লোৱাৰ সিদ্ধান্ত লয়।