মুখ্য-পৃষ্ঠা

ঘৰৰ খানাৰ পৰা গীতা পঢ়ালৈঃ এই সকলোবোৰ সুবিধা লাভ কৰিব কেজৰিৱালে...

Asomiya Pratidin

ডিজিটেল ডেস্কঃ বিপদে লগ নেৰা হৈছে দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালক। শেহতীয়াকৈ চি বি আয়ে গ্ৰেপ্তাৰ কৰাৰ পাছত আদালতৰ মজিয়াত নিজৰ হৈ ভিন্ন যুক্তি দাঙি ধৰিও নিজকে বচাব নোৱাৰিলে কেজৰিৱালে। ততসত্বেও আদালতে কেজৰিৱালৰ বিভিন্ন যুক্তি কিছু বিশেষ সা-সুবিধা প্ৰদান কৰিছে।

কেজৰিৱালে আদালতত অনুৰোধ জনাইছিল যে, চি বি আইৰ জিম্মাত থকা ৩টা দিনত তেওঁক যাতে ঘৰৰ খানা প্ৰদান কৰা হয়, তাৰ ব্যৱস্থা কৰিব লাগে। ইয়াৰোপৰি ছশমা আৰু ঔষধ নিজৰ লগত ৰাখিবলৈ অনুমতি প্ৰদান কৰিব লাগে। কেজৰিৱালে লগতে অনুৰোধ কৰিছিল যে, যেতিয়াই তেওঁৰ ঘৰৰ পৰা পত্নী আৰু অইন সদস্যই লগ ধৰিবলৈ আহে, তাত যাতে কোনেও বাধা নিদিয়ে।

কেজৰিৱালে লগতে আৰু এটা আহ্বান কৰে আদালতত। তেওঁ কয়- মই শুৱাৰ আগেয়ে প্ৰতিদিনাই গীত পাঠ কৰিহে টোপনি যাও। গতিকে মোক এখন গীতাৰো প্ৰয়োজন হব। মই চি বি আইৰ জিম্মাত থকা কালত যাতে গীত পঢ়াৰ অনুমতি পাও তাৰ ব্যৱস্থাও আদালতে কৰিব দিব লাগে।

কেজৰিৱালৰ এই সকলো কথাত আদালতে সন্মতি প্ৰদান কৰে। ২৯জুনৰ লৈকে চি বি আইৰ জিম্মাত থকা কেজৰিৱালক এই সকলোবোৰ সুবিধা প্ৰদান কৰিব লাগিব চি বি আয়ে। উল্লেখ্য যে, দিল্লী হাইকৰ্টে কেজৰিৱালৰ জামিন আবেদন নাকচ কৰাৰ পাছতে উচ্চতম ন্যায়ালয়ত জামিনৰ বাবে আবেদন কৰিছিল কেজৰিৱালে। কিন্তু চি বি আয়ে গ্ৰেপ্তাৰ কৰাৰ পাছতে সেই আবেদনো উঠাই লয় কেজৰিৱালৰ অধিবক্তাই।