মুখ্য-পৃষ্ঠা

চিৰাঙত আটক ৩ KLO সদস্য

Asomiya Pratidin

ডিজিটেল সংবাদ,চিৰাংঃ নিৰ্বাচনৰ প্ৰাকমুহূৰ্তত ভয়ংকৰ কূটাঘাতমূলক ঘটনাৰ পৰা ৰক্ষা পৰিল বাসুগাঁও অঞ্চল। ঘটনাৰ তথ্য অনুসৰি চিৰাঙৰ বাসুগাঁৱত আৰক্ষীয়ে অভিযান চলাই ৩ জন KLO সদস্য আটক কৰে। ধৃত KLO সদস্যৰ তথ্যৰ ভিত্তিত অভিযানকাৰী দলটোৱে কচুদোলাৰ চম্পা নৈৰ পাৰত বালিত পুতি থোৱা অৱস্থাত বোমা উদ্ধাৰ কৰে।

আৰক্ষীয়ে আটক কৰা সদস্য কেইজন ক্ৰমে বাসুগাঁও চহৰৰ হেকইপাৰাৰ ৰবীন বৰ্মণ ওৰফে লংকেশ্বৰ কোচ ওৰফে লম্বু, কোকৰাঝাৰ জিলাৰ গোসাইগাঁৱৰ উৎপল ৰায় ওৰফে পঙ্কজ কোচ আৰু বঙাইগাঁও জিলাৰ নয়টামাৰা প্ৰথম খণ্ডৰ ধনঞ্জয় বৰ্মন।

উল্লেখ্য যে কালি নিশা এক গোপন সুত্ৰৰ তথ্যৰ ভিত্তিত বাসুগাঁও চহৰৰ ষ্টেচনৰোডৰ এখন হোটেলৰ পৰা বাসুগাঁও থানাৰ আৰক্ষীয়ে অভিযান চলাই এই তিনিজন কেএলঅ' সদস্য আটক কৰিছিল ।