মুখ্য-পৃষ্ঠা

এইবাৰ ৪০০পাৰঃ বিজেপিৰ এই শ্লোগানৰ বাবেই এইবাৰ আসনৰ সংখ্যা কমিল...

Asomiya Pratidin

ডিজিটেল ডেস্কঃ এন ডি এৰ ভিতৰত থাকি বিজেপিৰ সৈতে চৰকাৰ গঠনত সহায় কৰিলেও শিৱ সেনাৰ নেতা তথা মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী একনাথ সিন্ধেই এইবাৰ তীব্ৰ সমালোচনা কৰিলে বিজেপিক। বিজেপিৰ কিছু ভুল নীতিৰ বাবে এইবাৰৰ নিৰ্বাচনত পূৰ্বতকৈ বহু আসনত পৰাজিত হোৱা বুলি অভিযোগ উত্থাপন কৰি মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰীয়ে বিজেপিৰ ৰণকৌশলত ভুল থকা বুলি মন্তব্য কৰে।

মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰীয়ে কয় যে, বিজেপিয়ে ৪০০পাৰ বুলি যি শ্লোগান দিছিল, সেই শ্লোগানে বিজেপিক লাভৰ সলনি লোকচানহে কৰিলে। বহু ঠাইত এই ৪০০পাৰক লৈ নিগেটিভ নেৰেটিভ তৈয়াৰ কৰা হল আৰু সংবিধান সলনি কৰা হব বুলিও প্ৰচাৰ কৰা হল। ই বিজেপিক ব্যাপক অনিষ্ট কৰিলে।

মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰীয়ে বিজেপিৰ এই ৰণনীতিক ভুল বুলি মন্তব্য কৰি কয় যে, বিজেপিৰ এইবাৰ ৪০০পাৰ শ্লোগানক বিজেপি অপব্যাখা কৰিলে। ইয়াৰ সুযোগ বিজেপিয়েই দিলে। উল্লেখ কৰা প্ৰয়োজন যে, মহাৰাষ্ট্ৰত এইবাৰ বিজেপিৰ প্ৰদৰ্শন আছিল অতি শোচনীয়। ইফালে শিৱসেনাৰ একনাথ গোটে ১৩খন আসনত প্ৰতিদ্বন্দ্বিতা কৰি ৭খনত বিজয় সাব্যস্ত কৰিছিল।