ডিজিটেল সংবাদ, কোকৰাঝাৰঃ ইলোৰা বিজ্ঞান মঞ্চৰ উদ্যোগত আজি কোকৰাঝাৰ চিকিৎসা মহাবিদ্যালয় আৰু হস্পিতালত প্ৰথমবাৰৰ বাবে মৰণোত্তৰ দেহদান প্ৰক্ৰিয়া সম্পন্ন হয় । বঙাইগাঁও ৱাৰ্ড নম্বৰ-চাৰিৰ এনএচ ৰোডৰ বাসিন্দা তুষাৰকান্তি দাস(৭৬)ৰ মৃতেদহ আজি তেওঁৰ পৰিয়ালবৰ্গই আনুষ্ঠানিকভাৱে কোকৰাঝাৰ চিকিৎসা মহাবিদ্যালয়ক হস্তান্তৰ কৰে ।
পৰিয়ালৰবৰ্গৰ হৈ জয়দীপ প্ৰতিম দাসে তুষাৰকান্তি দাসৰ মৃতদেহ আনুষ্ঠানিকভাৱে কোকৰাঝাৰ চিকিৎসা মহাবিদ্যালয়লৈ হস্তান্তৰ কৰে । উল্লেখ্য যে বঙাইগাঁৱৰ সমাজকৰ্মী তথা বিভিন্ন অনুষ্ঠান -প্ৰতিষ্ঠানৰ সতে জড়িত হৈ থকা তুষাৰকান্তি দাস বাৰ্ধক্যজনিত ৰোগৰ বাবে আজি ৰাতিপুৱা ৯:৩০ মান বজাত শেষনিশ্বাস ত্যাগ কৰিছিল ।
মৃত্যুৰ পূৰ্বেই ইলোৰা বিজ্ঞান মঞ্চৰ সতে মৰণোত্তোৰ দেহদানৰ প্ৰক্ৰিয়া সম্পূৰ্ণ কৰি ৰখা তুষাৰকান্তি দাসে মৃত্যুৰ পিছত তেওঁৰ মৃতদেহটো চিকিৎসা বিজ্ঞানৰ বাবে উৎসৰ্গিত হোৱাটো বিচাৰিছিল । সেইমৰ্মে আজি তুষাৰকান্তি দাসৰ মৃত্যুৰ পিছত পৰিয়ালৰ লোকে ইলোৰা বিজ্ঞান মঞ্চৰ সতে যোগাযোগ কৰে আৰু ইলোৰা বিজ্ঞান মঞ্চই কোকৰাঝাৰ চিকিৎসা মহাবিদ্যালয়ৰ সতে যোগাযোগ কৰাই দিয়ে।
তুষাৰকান্তি দাসৰ মৃতদেহ কোকৰাঝাৰ চিকিৎসা মহাবিদ্যালয়ত আহি পোৱাৰ পিছতে মহাবিদ্যালয়ৰখনৰ অধ্যক্ষ ড: অতুল বড়ো সহিতে আন চিকিৎসক , চিকিৎসাকৰ্মী আৰু ছাত্ৰ-ছাত্ৰী সকলে গভীৰ শ্ৰদ্ধাঞ্জলী জ্ঞাপন কৰে । সংবাদমাধ্যমৰ আগত কোকৰাঝাৰ চিকিৎসা মহাবিদ্যালয়ৰ অধ্যক্ষ ড: অতুল বড়োই ইলোৰা বিজ্ঞান মঞ্চৰ ভূমিকাক প্ৰশংসা কৰি দেহদান প্ৰক্ৰিয়া ইমান সহজ নহয় বুলি মন্তব্য কৰে ।
মানসিকভাৱে প্ৰবল শক্তিশালী আৰু পৰিয়ালৰ অনবদ্য ভূমিকা থাকিলেহে দেহদান সম্ভৱ বুলি মন্তব্য কৰি অতুল বড়োৱে তুষাৰকান্তি দাসৰ পৰিয়ালবৰ্গৰ প্ৰতি কৃতজ্ঞতা জ্ঞাপন কৰে । কোকৰাঝাৰ চিকিৎসা মহাবিদ্যালয়ত এইটোৱেই প্ৰথম মৰণোত্তোৰ দেহদান বুলি মন্তব্য কৰি অতুল বড়োৱে কয় যে মহাবিদ্যালয়খনত পাঁচটাকৈ মৃতদেহৰ প্ৰয়োজন ।
মেডিকেল কলেজ আৰম্ভ হোৱাৰ পিছত গুৱাহাটী আৰু শিলচৰ চিকিৎসা মহাবিদ্যালয়ৰ মৃতদেহ অনা হৈছিল বুলিও মন্তব্য কৰে অধ্যক্ষ বড়োৱে । উল্লেখ্য যে তুষাৰকান্তি দাস স্কুলীয়া শিক্ষা বঙাইগাঁৱতে সম্পন্ন কৰিছিল যদিও উচ্চশিক্ষা শ্বিলংৰ চেইণ্ট এণ্টনি কলেজত সম্পন্ন কৰিছিল । জানিব পৰা মতে তুষাৰকান্তি দাসৰ পৰিয়ালৰ পৰা তিনিজনে দেহদান কৰি থৈছে ।