মুখ্য-পৃষ্ঠা

উগ্ৰপন্থী গোট গঠনৰ প্ৰচেষ্টা কৰা দলক মূলসুঁতিলৈ প্ৰত্যাৱৰ্তন কোকৰাঝাৰ আৰক্ষীৰ...

Asomiya Pratidin

ডিজিটেল সংবাদ, কোকৰাঝাৰ: কোকৰাঝাৰ-চিৰাং জিলা সীমান্তবৰ্তী ৰিপু চিৰাং সংৰক্ষিত বনাঞ্চলত নতুনকৈ উগ্ৰপন্থী গোট গঠন কৰিবলৈ চলোৱা প্ৰচেষ্ঠা ৰোধ কৰিবলৈ সক্ষম হৈছে কোকৰাঝাৰ আৰক্ষী। তদুপৰি নতুনকৈ উগ্ৰপন্থী গোট গঠনৰ প্ৰচেষ্টা কৰি থকা ২০জনীয়া দলক অস্ত্ৰসহিতে মূলসুঁতিলৈ প্ৰত্যাৱৰ্তন কৰিবলৈও সক্ষম হৈছে কোকৰাঝাৰ আৰক্ষী। অসম আৰক্ষীৰ বাবে এয়া এক সফলতা বুলিয়ে বিবেচিত হৈছে।

এই সন্দৰ্ভত মঙলবাৰে কোকৰাঝাৰ জিলা আৰক্ষী অধীক্ষকৰ কাৰ্যালয় প্ৰেক্ষাগৃহত আয়োজিত হোৱা এক সংবাদমেলত কোকৰাঝাৰ জিলাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক পৃথ্বীৰাজ ৰাজখোৱাই কয় যে কোকৰাঝাৰ-চিৰাং সীমান্তবৰ্তী বনাঞ্চলত যোৱা তিনি-চাৰি মাহ মানৰ পৰা নতুন উগ্ৰপন্থী গোট গঠন কৰিবলৈ ২০ জনীয়া যুৱকৰ দলটোৱে চেষ্টা কৰি আহিছিল। এই সন্দৰ্ভত কোকৰাঝাৰ আৰক্ষীয়ে খবৰ লাভ কৰি সোমবাৰে নিশা কোকৰাঝাৰ -চিৰাং সীমান্তবৰ্তী জংঘলৰ পৰা কৌশলেৰে অস্ত্ৰসহিতে দলটোক উলিয়াই আনিবলৈ সক্ষম হয়।

দলটোৱে আৰক্ষীৰ হাতত বিপুল পৰিমাণৰ অস্ত্ৰশস্ত্ৰ জমা দিছে। নতুনকৈ উগ্ৰপন্থী সংগঠন খোলাৰ আঁৰত কাৰোবাৰ সমৰ্থন আছে নেকি সেয়া সোধপোছ কৰা হ'ব আৰু কোনোবাই আৰ্থিকভাৱে সহায় কৰিছিল নেকি সেয়াও তদন্তৰ আওঁতালৈ অনা হ'ব বুলি মন্তব্য কৰি কোকৰাঝাৰ জিলাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক পৃথ্বিৰাজ ৰাজখোৱাই ২০ জনৰ বাহিৰেও আৰু কোনোবা জড়িত আছে নেকি সেয়াও তদন্তৰ আওঁতাত অনা হ'ব বুলি মন্তব্য কৰিছে।

উল্লেখ্য যে নতুনকৈ উগ্ৰপন্থী সংগঠন খুলিব বিচৰা সদস্যসকলে জমা দিয়া অস্ত্ৰ-শস্ত্ৰসমুহ হ'ল ক্ৰমে অটোমেটিক ৰাইফল ০৬ টা, একক শ্বটৰ ৰাইফল ০৪ টা, মেগজিনৰ সতে পিষ্টল ০৩ টা, এইচ ই গ্ৰেনেড ০৫ টা, এ কে ৰাইফলৰ সজীৱ গুলী ৫৪ জাঁই আৰু পিষ্টলৰ সজীৱ গুলী ০৯ জাঁই। সদ্যহতে মূলসুঁতিলৈ অহা ২০সদস্যক কোকৰাঝাৰৰ চানমাৰীস্থিত পূৰ্বৰ এনডিএফবিৰ ডেজিগনেটেট কেম্পত ৰখা হৈছে। বিটিআৰ নতুনকৈ উগ্ৰপন্থী সংগঠনৰ আত্মপ্ৰকাশ হ'ব বিচৰা কাৰ্যই জনসাধাৰণক শংকিত কৰি তুলিছে ।