মুখ্য-পৃষ্ঠা

চাদ্দাম চোৰৰ কাণ্ড দেখি আৰক্ষী আচৰিতঃ ভাৰতৰ পৰা বাংলাদেশলৈ গোপনে খান্দিলে সুৰংগ...

Asomiya Pratidin

ডিজিটেল ডেস্কঃ এটা চোৰৰ কাণ্ড দেখি আচৰিত হৈছে এখন ৰাজ্যৰ আৰক্ষী বিভাগ। চোৰটোৰ চুৰ কৰা কায়দা আৰু কৌশল দেখি তবধ মানিছে আৰক্ষীয়ে। প্ৰথমে এই চোৰটোক সৰু-সুৰা চোৰ বুলিয়ে আৰক্ষীয়ে ভাৱিছিল যদিও সকলো ঘটনা পোহৰলৈ অহাৰ পাছত দেখিলে যে, এনে চোৰ ভাৰতত হয়তো নায়েই!

এই চোৰটোৱে নকল সোণৰ ব্যৱসায় কৰে। মানুহক ফাঁকি দি আঁচল সোণ বুলি নকল সোণ বিক্ৰী কৰে এই চোৰটোৱে। এতিয়া আপুনিও ছাগে ভাৱিছে, এই কাম কৰা চোৰটোক লৈ এখন ৰাজ্যৰ আৰক্ষীৰ মাজঁত হাঁহাকাৰ কিয় লাগিছে! আচঁলতে এই চোৰটোৰ চোৰ কৰাৰ কৌশল-কায়দাবোৰ দেখিহে আচৰিত হৈছে আৰক্ষী।

চোৰটোৰ ঘৰ পশ্চিম বংগত। দক্ষিণ ২৪ পৰগনা জিলাৰ কুল্লতলী নামৰ অঞ্চলটোৰ নিৱাসী এই চোৰটো। নাম চাদ্দাম সৰদাৰ। আৰক্ষীয়ে এক অভিযোগৰ ভিত্তিত চাদ্দাম চোৰক গ্ৰেপ্তাৰ কৰিবলৈ তেওঁৰ ঘৰত সদলবলে উপস্থিত হৈছিল। কিন্তু আৰক্ষী অহাৰ খবৰ পায়েই পলায়ন কৰিলে চাদ্দামে।

আৰক্ষীয়ে চাদ্দামৰ ঘৰ তন্ন তন্নকৈ তালাচী চলালে। তালাচীত চাদ্দামৰ শুৱনি কোঠাত এখন গোপন দুৱাৰ আৱিষ্কাৰ কৰিলে আৰক্ষীয়ে। আৰক্ষীয়ে দুৱাৰখন খুলি দেখিলে যে এইটো এটা প্ৰকাণ্ড সুৰংগ। সুৰংগে আৰক্ষী সোমাই গ’ল। গৈ গৈ এই সুৰংগৰে ওলালেগৈ বাংলাদেশ। পশ্চিবংগৰ চাদ্দামৰ ঘৰৰ পৰা আৰম্ভ হোৱা এই সুৰংগ গৈ বাংলাদেশৰ সুন্দৰবন জংঘলত ওলায়গৈ।

এই সুৰংগৰে চোৰটোৱে অহা-যোৱা কৰে। বিপদ আহিলে চোৰটোৱে আগেয়েই সুৰংগটোৰে পলায়ন কৰে। আৰক্ষীক ভয় খোৱাবলৈ সেই দিনটোত আনকি গুলীচালনাও কৰিছিল চাদ্দামে। উক্ত সুৰংগটো চোৰ কাৰ্যকলাপত ব্যৱহাৰ কৰিবলৈকে একক প্ৰচেষ্টাৰে খান্দিছিল চাদ্দামে।

উল্লেখ কৰা প্ৰয়োজন যে, এই সমগ্ৰ ঘটনাক লৈ আৰক্ষীয়ে চাদ্দামৰ খুলশালীক গ্ৰেপ্তাৰ কৰি সোধপোচ অব্যাহত ৰাখিছে। নদিয়া জিলাৰ এগৰাকী লোকক এটা নকল সোণৰ মূৰ্তি কিছুদিনৰ আগেয়ে ১২লাখ টকাত বিক্ৰী কৰিছিল চাদ্দামে। এই ঘটনাক লৈয়ে আৰক্ষীয়ে অভিযান চলাইছিল চাদ্দামৰ ঘৰত। ইতিমধ্যে বিষয় সন্দৰ্ভত পশ্চিমবংগৰ ডিজিপি ৰাজীৱ কুমাৰে কয় যে, এই ঘটনাৰে জড়িত কাকোৱে ৰেহাই দিয়া নহ'ব।