মুখ্য-পৃষ্ঠা

কি এই লংগান ? যাৰ উপকাৰিতা অগণন...

Asomiya Pratidin
গৰমৰ দিনত আপুনি প্ৰচুৰ পৰিমাণে হয়তো লিচু খাইছে, কিন্তু কেতিয়াবা লংগান সোৱাদ লৈছে নে ? "লংগান" শুনিবলৈ একেবাৰে নতুন যদিও এইবিধ ফলে আপোনাক ঔষধৰ পৰা মুক্তি দিব পাৰে। কেৱল ওজন কমাবলৈ নহয়, স্বাস্থ্য সম্পৰ্কীয় বহু সমস্যাৰ পৰা ৰক্ষা কৰিব লংগানে। উচ্চ ৰক্তচাপৰ পৰা হৃদযন্ত্ৰৰ সমস্যা পৰ্যন্ত হ্ৰাস কৰাত সহায়ক এইবিধ ফল। চয়নিকা শইকীয়াৰ এই প্ৰতিবেদনত আজি লংগান ৰ বিষয়ে জানো আহক...

এবিধ লিচু সদৃশ বিদেশী ফল। ফলবিধক যদিও বিদেশী বুলি কয়,ভাৰততো ই উপলব্ধ। দেখিবলৈ যদিও লিচু সদৃশ কিন্তু ইয়াৰ সোৱাদ আৰু উপকাৰিতাৰ ক্ষেত্ৰত ই লিচুতকৈ কিছু পৃথক। কিন্তু কিয় পৃথক?

এই ফলবিধত আছে এনে বহু উপাদান যি আপোনাৰ শৰীৰক সম্পূৰ্ণ ৰোগমুক্ত কৰি ৰাখিব। এই ফলবিধত পোৱা যায় এন্টিবেক্টেৰিয়েল, এন্টিভাইৰেল আৰু এন্টি-ইনফ্লেমেটৰী গুণসমূহ। ইয়াৰ উপৰিও এই ফলবিধত আছে এন্টিঅক্সিডেন্ট, যি আপোনাৰ স্বাস্থ্যৰ বাবে অতি উপকাৰী।

বহু গুণেৰে সমৃদ্ধ এই ফলবিধ হৈছে লংগান

এই ফলবিধে ৰক্তচাপ, ছালৰ লগত জড়িত সমস্যা, শৰীৰৰ বিষ আৰু ফুলা, আভ্যন্তৰীণ দুৰ্বলতা, ৰক্ত গঠনৰ অভাৱ আৰু কৰ্কট ৰোগৰ সম্ভাৱনা হ্ৰাস কৰে। ঔষধি উদ্ভিদ বিশেষজ্ঞ শুভম শ্ৰীবাস্তৱে কয় যে লংগানৰ আটাইতকৈ ভাল কথাটো হ’ল এই ফলবিধ এন্টিবেক্টেৰিয়েল গুণেৰে ভৰপূৰ। ই ছালৰ লগত জড়িত বহু সমস্যাৰ বাবে উপকাৰী আৰু শৰীৰত বেক্টেৰিয়াৰ সংক্ৰমণ হ্ৰাস কৰাত সহায়ক।

লগতে শুভাম শ্ৰীবাস্তৱ কয় যে এই ফলবিধৰ বিশেষ কথাটো হ’ল ফলবিধৰ এন্টিভাইৰেল গুণো আছে, যিয়ে ভাইৰাছজনিত ৰোগৰ পৰা ৰক্ষা কৰাত সহায়ক কৰে।লংগান ফলত প্ৰচুৰ পৰিমাণৰ আইৰণ থাকে।দৰাচলতে এই ফল খোৱাৰ ফলত ৰক্তকণিকা বৃদ্ধি পায়, যাৰ ফলত তেজৰ গঠন প্ৰক্ৰিয়া ক্ষিপ্ৰ হয়। ইয়াৰ উপৰিও এই ফলটোৱে আপোনাৰ শৰীৰক শক্তি প্ৰদান কৰে আৰু ৰক্তহীনতাৰ লক্ষণসমূহ হ্ৰাস বা নাইকিয়া কৰাত সহায় কৰে।

শুভামৰ মতে, লংগান ফলত পটেছিয়ামৰ পৰিমাণো যথেষ্ট। স্বাস্থ্য বিশেষজ্ঞসকলৰ মতে পটেছিয়াম শৰীৰৰ বাবে অতি গুৰুত্বপূৰ্ণ পুষ্টিকৰ উপাদান।যিয়ে শৰীৰক ৰক্তচাপৰ সমস্যাৰ পৰা আঁতৰাই ৰাখে।

উচ্চ ৰক্তচাপ, হৃদৰোগ, ষ্ট্ৰোক আৰু হাৰ্ট এটেকৰ সম্ভাৱনা হ্ৰাস কৰিবলৈ বিশেষজ্ঞসকলে পটেছিয়াম সমৃদ্ধ খাদ্য খাদ্য তালিকাত অন্তৰ্ভুক্ত কৰাৰ পৰামৰ্শ দিয়ে। লংগান আপোনাৰ হৃদযন্ত্ৰৰ বাবেও অতি উপকাৰী ফল।

এই ফলটো প্ৰদাহ নিবাৰণকাৰী গুণেৰে ভৰপূৰ, যিটো সেৱন কৰিলে আপুনি বিষ আৰু ফুলাৰ দৰে সমস্যাৰ পৰা সকাহ পায়। হাড় ফুলা আৰু গাঁঠিৰ বিষত ভুগি থকা লোকৰ বাবে লংগান সেৱনে বিভিন্ন ধৰণে কাম কৰিব পাৰে। ই ভুক্তভোগীৰ শৰীৰলৈ উষ্ণতা আনে আৰু ফুলা কমোৱাত সহায় কৰিব পাৰে।

এইখিনিতে উল্লেখ কৰাটো প্ৰয়োজন যে লংগানৰ উপকাৰিতা আৰু চাহিদাৰ প্ৰতি লক্ষ্য ৰাখি কৃষকসকলক লংগানৰ খেতি কৰিবলৈও উৎসাহিত কৰা হৈছে।মুছাহাৰীৰ ৰাষ্ট্ৰীয় লিচু গৱেষণা কেন্দ্ৰত পৰীক্ষামূলকভাৱে লংগান গছ ৰোপণ কৰা হৈছিল। ৰাষ্ট্ৰীয় লিচি গৱেষণা কেন্দ্ৰৰ চৌহদত ইতিমধ্যে বিক্ৰীৰ বাবে উপলব্ধ হৈছিল এই ফলবিধ। বৰ্তমান বৃহৎ পৰিসৰত লংগানৰ উৎপাদন আৰম্ভ হৈছে।