মুখ্য-পৃষ্ঠা

লংকাত পৌৰসভাৰ উচ্ছেদ অভিযান

Asomiya Pratidin

ডিজিটেল সংবাদ,লংকাঃ লংকা চহৰত উচ্ছেদ অভিযান চলাইচে পৌৰসভাই।শুকুৰবাৰে চহৰখনৰ ৩ স্থানত পৌৰসভাই অভিযান চলায়।চহৰখনৰ লংকা-শ্বিলং ৰোডৰ অভাৰব্ৰীজৰ শেষ প্ৰান্তৰ পৰা ধৰি পাঞ্জাৱ নেচনেল বেংকলৈকে,ভাতৃ সংঘৰ সন্মুখৰ নলা এলেকাত আৰু নগাঁও-লংকা পথৰ নিৰ্মিয়মাণ অৱস্থাত থকা অভাৰব্ৰীজৰ কাষত চলে পৌৰসভাৰ উচ্ছেদ অভিযান।

বিশেষকৈ,পদপথ,নলাৰ ওপৰত আৰু গড়কাপ্তানী পথ অধিগ্ৰহণ কৰি ব্যৱসায় কৰি থকা ব্যৱসায়ী সকলৰ দোকান-পোহাৰ ভাঙি মুকলি কৰা হয়। ধাৰাবাহিক ভাৱে এই উচ্ছেদ অভিযান অব্যাহত থাকিব বুলি জানিব দিয়ে পৌৰসভাই।