মুখ্য-পৃষ্ঠা

ভৱামতে নহ'লঃ বীৰদৰ্পে যুঁজ দিও পেৰিছ অলিম্পিকত যাত্ৰা সামৰিলে লাভলীনাই...

Asomiya Pratidin

ডিজিটেল ডেস্কঃ ভৱা মতে সকলো নহয়!  চেষ্টা কৰিও কেতিয়াবা থমকি ৰব লগা হয়। যাৱতীয় সকলো প্ৰস্তুতি কৰিও প্ৰৱল আত্মবিশ্বাসেৰে পেৰিছ অলিম্পিকত প্ৰৱেশ কৰা লাভলীনাৰ যাত্ৰা ইতি পৰিল।

দেওবাৰে কোৱাৰ্টাৰ ফাইনেলত চীনৰ লী কিয়ানৰ বিৰুদ্ধে পৰাজয়বৰণ কৰিলে অসম কন্যা লাভলীনা বৰগোহাঁয়ে। ২০২০ৰ টকিঅ’ অলিম্পিকত ভাৰতৰ বাবে বঞ্জৰ পদক আজুৰি অনা লাভলীনা এইবেলি কোৱাৰ্টাৰ ফাইনেলতে থমকি ৰব লগা হ'ল। ৪-১ ব্যৱধানত পৰাস্ত হয় লাভলীনা।

আনফালে আজিৰ অলিম্পিকত ভাৰতীয় হকী দলৰ জয়যাত্ৰা অব্যাহত থাকিল। দুৰ্দান্ত প্ৰদৰ্শনেৰে অলিম্পিকৰ ছেমি ফাইনেলত প্ৰৱেশ ভাৰতীয় হকী দলৰ।  ট্ৰাইবেকাৰত ৪-২গলত ভাৰতৰ হাতত গ্ৰেট ব্ৰিটেইন হোৱাৰ পাছতে অলিম্পিকৰ ছেমি ফাইনেলত খোজ পেলায় ভাৰতীয় হকী দলটোৱে।