মুখ্য-পৃষ্ঠা

বিশ্বকাপৰ পাছত আহি আছে লিজেণ্ডছ মহাদেশীয় টি-২০ ক্ৰিকেট লীগ...

Asomiya Pratidin

ডিজিটেল সংবাদ, টেক্সাছঃ প্ৰথমবাৰৰ বাবে আমেৰিকাৰ ভূমিত পুৰুষৰ আই চি চি টি-২০ বিশ্বকাপ সফলতাৰে অনুষ্ঠিত হোৱাৰ পাছত এইবাৰ যুক্তৰাষ্ট্ৰত আন এখন ৰোমাঞ্চকৰ ক্ৰিকেট প্ৰতিযোগিতা অনুষ্ঠিত হ’ব৷ অহা ১৬ আগষ্টৰ পৰা আমেৰিকাৰ টেক্সাছত অনুষ্ঠিত হ’ব লিজেণ্ডছ মহাদেশীয় টি-২০ ক্ৰিকেট লীগ৷

ইতিমধ্যে প্ৰতিযোগিতাখনৰ প্ৰস্তুতি পূৰ্ণগতিত চলি আছে৷ গ্ৰেম শ্বোৱান, তিলকৰত্নে ডিলশ্বান, লিয়াম প্লাংকেটৰ দৰে প্ৰাক্তন আন্তৰ্জাতিক তাৰকা ক্ৰিকেটাৰে অংশগ্ৰহণ কৰিব লগা এই লীগখন আমেৰিকাৰ টেক্সাছৰ মুছা ষ্টেডিয়ামত অনুষ্ঠিত হ’ব৷ লীগৰ ফাইনেল খেল অনুষ্ঠিত হ’ব ২৮ আগষ্টত৷

আমেৰিকা যুক্তৰাষ্ট্ৰৰ ব্ৰচিড স্প’ৰ্টছ মেনেজমেণ্ট প্ৰাইভেট লিমিটেডে আয়োজন কৰা লিজেণ্ডছ মহাদেশীয় টি-২০ ক্ৰিকেট লীগৰ উদ্বোধনী ছিজনৰ অন্যতম প্ৰমোটাৰ হিচাপে যোগ দিছে জুন গ্ৰুপৰ প্ৰতিষ্ঠাপক মোহিত জুনে৷ এই সন্দৰ্ভত মোহিতে কয়, ‘মই এই ক্ৰিকেট লীগত প্ৰমোটাৰ হিচাপে যোগদান কৰি উৎসাহিত হৈছো৷ এনে এটা অনুষ্ঠান আয়োজন আৰু প্ৰশাসন কৰাটো এক অবিশ্বাস্য সুযোগ আৰু মই বিশ্বব্যাপী অনুৰাগীৰ সংখ্যা গঢ়ি তুলিবলৈ আগ্ৰহী৷’

ইফালে, মোহিতক আদৰণি জনাই লিজেণ্ডছ মহাদেশীয় টি-২০ৰ চি অ’ অ’ আৰু চেয়াৰমেন অৰুণ পাণ্ডেই কয়, ‘জুনক এল আই টি-২০ পৰিয়াললৈ আদৰণি জনাই আমি ৰোমাঞ্চিত হৈছো৷ উদ্বোধনী ছিজনৰ বাবে প্ৰস্তুতি পূৰ্ণগতিত চলি আছে৷ সফল টি-২০ বিশ্বকাপে আমেৰিকাৰ দৰ্শকৰ ওপৰত যথেষ্ট প্ৰভাৱ পেলাইছে৷ আমি এল আই টি-২০১ সহায়ত ইয়াক অধিক সক্ৰিয় কৰাৰ লক্ষ্য ৰাখিছো আৰু ক্ৰিকেটক পৰৱৰ্তী পৰ্যায়লৈ লৈ যোৱাটো আমাৰ চলিত যাত্ৰাৰ বাবে অতি প্ৰয়োজনীয়৷’

উল্লেখ্য যে টেক্সাছৰ মুছা ষ্টেডিয়ামত অনুষ্ঠিত হ’বলগীয়া লিজেণ্ডছ মহাদেশীয় টি-২০ত একক ৰাউণ্ড ৰবিন পদ্ধতিৰে খেল অনুষ্ঠিত হ’ব, য’ত শীৰ্ষ চাৰিটা দলে নকআউট পৰ্যায়লৈ আগবাঢ়িব৷ প্ৰতিযোগিতাখনত প্ৰতিদিনে দুখনকৈ খেল অনুষ্ঠিত হ’ব৷ দৰ্শকে মুঠ ২৪খন মেচৰ ৰোমাঞ্চ ল’ব পাৰিব৷

উদ্বোধনী বৰ্ষৰ প্ৰতিযোগিতাত বিশ্বৰ বিভিন্ন প্ৰান্তৰ কিংবদন্তি ক্ৰিকেটৰ অন্তভুক্তিৰে ইণ্ডো কিংছ, এছিয়ান এভেঞ্জাৰ্ছ, ইউৰো ৰেঞ্জাৰ্ছ, আমেৰিকান মেভেৰিক্স, ট্ৰেন্স-টাছমেন টাইটানছ, আফ্ৰিকান লায়ন্স আৰু কেৰিবিয়ান ভাইকিংছসহ মুঠ সাতটা দলে লীগত প্ৰতিদ্বন্দ্বিতা কৰিব৷