মুখ্য-পৃষ্ঠা

ভাষাবিদ ড° লীলাৱতী শইকীয়া বৰালৈ ভাষা শ্বহীদ সূৰ্য বৰা বঁটা...

অসম সাহিত্য সভাৰ ভাষা শ্বহীদ সূৰ্য বৰাৰ স্মৃতি দিৱস উদযাপন

Asomiya Pratidin

ডিজিটেল সংবাদ, মায়ংঃ ১৯৬০ চনতে অসমীয়া ভাষা সাহিত্যৰ সুৰক্ষাৰ হকে প্ৰাণ আহুতি দিয়া অসমী আইৰ সুযোগ্য সন্তান, কবি,গীতিকাৰ, নাট্যকাৰ, অভিনেতা ভাষা ছহিদ সূৰ্য বৰাৰ ৬৪ সংখ্যক স্মৃতি দিৱস আৰু বটা প্ৰদান অনুষ্ঠান টি আজি ভাষা ছহিদ সূৰ্য বৰাৰ জন্ম ভূমি জাগী ভকতগাৱৰ সমীপৱৰ্তী বাঘজাপত শ্বহীদ সূৰ্য বৰা মাধ্যমিক বিদ্যালয়ত অসম সাহিত্য সভাৰ উদ্যোগত কেন্দ্ৰীয় ভাবে দিনজোৰা কাৰ্যসূচীৰে উদযাপন কৰা হয়।

উল্লেখ্য যে শ্বহীদ সূৰ্য বৰাৰ ত্যাগৰ স্মৃতি আৰু কৰ্মৰাজিক চিৰযুগমীয়া কৰাৰ প্ৰয়াসেৰে অসম সাহিত্য সভাই এই দিৱসটো অসমৰ বিভিন্ন প্ৰান্তত প্ৰতি বছৰে আয়োজন কৰি আহিছে যদিও এইবাৰ অসম সাহিত্য সভাৰ উদ্যোগত মৰিগাঁও জিলা জিলা সাহিত্য সভাৰ সহযোগত আৰু জাগী ভকতগাও সাহিত্য সভাৰ আতিথ্যত শ্বহীদ সূৰ্য বৰা মাধ্যমিক বিদ্যালয়ত কেন্দ্ৰীয় ভাবে অনুষ্ঠিত কৰা হয়।লগতে ভাষা শ্বহীদ গৰাকীৰ স্মৃতি ৰক্ষাৰ্থে অসম সাহিত্য সভাই প্ৰথম বাৰলৈ শ্বহীদ সূৰ্য বৰা বঁটাও প্ৰদান কৰে।

বৰেণ্য সাহিত্যক ভাষাবিদ আৰু গুৱাহাটী বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ অৱসৰপ্ৰাপ্ত প্ৰাধ্যাপক ড০ লীলাৱতী শইকীয়াক আজি অসম সাহিত্য সভাৰ সভাপতি ড০ সূৰ্য কান্ত হাজৰিকাই নিজ হাতেৰে এই বটা প্ৰদান কৰে।বটা গ্ৰহণ কৰি অসম সাহিত্য সভাৰ লগতে মৰিগাঁও জিলা সাহিত্য সভা আৰু জাগী ভকতগাও শাখা সমিতিৰ উদ্যোক্তা সকলক ধন্যবাদ আৰু কৃতজ্ঞতা জনাই ভাষাবিদ ড০ লীলাৱতী শইকীয়াই কয় যে অসমীয়া মানুহ খিনিয়ে নিজৰ ভাষাটোক অৱহেলা কৰি অহাৰ বাবেই অসমীয়া ভাষাৰ বিপদ আজিও আতৰি নগল।চৰকাৰী পৃষ্ঠপোষকতাতে হওঁক বা বেচৰকাৰী ভাবেই হওক বিগত সময়চোৱাত অসমীয়া ভাষাৰ উন্নতিত যথেষ্ট বাধা প্ৰদান কৰি অহা হৈছে।

১৮২৬ চনৰ ইয়াণ্ডাবু সন্ধিৰ পিছত অসম বৃটিছৰ অধীনলৈ গৈছিল।তেতিয়াও অসমীয়া ভাষাটোৰ ইমান বেমেজালি হোৱা নাছিল।পিছে প্ৰশাসনিক সুবিধাৰ বাবে বৃটিছে বহু বঙালীভাষী লোকক অসমলৈ অনাৰ পিছত একাংশ প্ৰভাৱশালী ব্যক্তিৰ প্ৰৰোচনাত অসমৰ চৰকাৰী কাৰ্যালয় সমুহত বঙালী ভাষা চৰকাৰী ভাষা হিচাপে ব্যৱহৃত হৈছিল। কিন্তু অসমৰ ৰাইজ তাৰ বিৰুদ্ধে সচেতন হৈ গৰজি উঠিছিল। প্ৰতাপী বৃটিছক অসমীয়া মানুহে ভাষাৰ প্ৰতি থকা স্বাভিমানৰ কথা আন্দোলনৰ জৰিয়তে জনাই দিছিল। অসমত পুনৰাই অসমীয়া ভাষা প্ৰতিষ্ঠিত হ ল যদিও অসমীয়া ভাষাটোক দুৰ্বল কৰাৰ বাবে তাহানিৰ পৰাই গভীৰ ষড়যন্ত্ৰ চলি থাকিল বুলি গভীৰ দুখ প্ৰকাশ কৰে ভাষাবিদ গৰাকীয়ে।

বটা প্ৰাপক ড০ লীলাৱতী শইকীয়া বৰাই লগতে বহু আক্ষেপেৰে কয় যে বৰ্তমান সময়ত গৰিষ্ঠ সংখ্যক অসমীয়া মাধ্যমত পঢ়া ছাত্ৰ ছাত্ৰীয়ে মেট্ৰিক পাছ কৰাৰ পিছতো অসমীয়া বাতৰি কাকতৰ এটা প্ৰেগ্ৰাফ ভালদৰে পঢ়িব নোৱাৰে।এয়া জাতিটোৰ বাবেই অত্যন্ত দুৰ্ভাগ্যজনক বুলি অভিহিত কৰে।নিৰ্দিষ্ট বক্তাৰ ভাষনত মৰিগাঁও মহাবিদ্যালয়ৰ সহযোগী অধ্যাপক ড০ বুধেন কুমাৰ শইকীয়াই সাম্প্ৰতিক অসমৰ প্ৰেক্ষাপটত ভাষা আৰু মাধ্যম আন্দোলনৰ প্ৰাসংগিকতা শীৰ্ষক বক্তব্যত কয় যে অসমীয়া ভাষাটোক প্ৰতিষ্ঠা কৰিবলৈ ভাষাটোৰ প্ৰয়োগ আৰু শুদ্ধকৈ কবৰ বাবে আমি অসমীয়া মানুহ খিনি যিদৰে সংঘবদ্ধ হব লাগিছিল সেয়া হৈ নুঠিল

যাৰ ফলত ইংৰাজী আৰু হিন্দী ভাষাৰ আগ্ৰাসনৰ কবলত পৰি অসমীয়া ভাষাটো যথেষ্ট প্ৰত্যাহ্বান ৰ সন্মুখীন হব লগা হৈছে।যদি ভাষাই জীয়াই নাথাকে তেন্তে জাতিটো কেনেকৈ জীয়াই থাকিব বুলি খেদ প্ৰকাশ কৰে শইকীয়াই।আন গৰাকী নিৰ্দিষ্ট বক্তা বেজেৰা আঞ্চলিক মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যাপক ড০ বিচিত্ৰ নাৰায়ণ দাসে তেখেতৰ লিখিত ভাষণত ভাষা শ্বহীদ সূৰ্য বৰাৰ সাহিত্য কৃতি আৰু কৃতিত্ব সন্দৰ্ভত এক গুৰুত্বপূৰ্ণ ভাষন আগবঢ়াই।আজিৰ সভাতেই জাগীৰোড মৰিগাঁও পথৰ ভকতগাৱত কলঙৰ ওপৰত নতুন কৈ নিৰ্মাণ কৰি থকা পকী দলং খন সূৰ্য বৰাৰ নামেৰে নামাকৰণ কৰাৰ বাবে চৰকাৰ তথা সংশ্লিষ্ট প্ৰশাসনক জনাবলৈ অসম সাহিত্য সভাই প্ৰস্তাৱ গ্ৰহণ কৰে।তাৰোপৰি ভাষাৰ বাবে শ্বহীদ হোৱা অসমৰ প্ৰতি গৰাকী সুযোগ্য সন্তানৰ স্মৃতিত এটা দিন উদযাপন কৰাৰো পোষকতা কৰে।

উল্লেখযোগ্য যে মৰিগাঁও জিলা সাহিত্য সভাৰ সহযোগত আৰু জাগী ভকতগাঁও শাখা সাহিত্য সভাৰ আতিথ্যত অনুষ্ঠিত সভাৰ আৰম্ভণিতে মৰিগাঁও জিলা সাহিত্য সভাৰ সভাপতি মহেন্দ্ৰ শইকীয়াই পতাকা উত্তোলন কৰে। ইয়াৰ পিছতে বন্তি প্ৰজ্বলন, স্মৃতি তৰ্পণ আৰু ছহিদ গৰাকীৰ প্ৰতিছবিত মাল্যৰ্পন কাৰ্যসূচী ৰূপায়ণ কৰা হয়। তাৰপিছত দেশপ্ৰেমমূলক কবিতা আবৃত্তি অনুষ্ঠানত বিভিন্ন শাখাৰ কেইবাগৰাকীও কবিয়ে কবিতা আবৃত্তি কৰে। শ্বহীদ সূৰ্য বৰা মাধ্যমিক বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী সকলে শ্বহীদ গৰাকীৰ জীৱন আধাৰিত আলেখ্য মঞ্চস্থ কৰে।

অসম সাহিত্য সভাৰ ৰামধেনু উপ- সমিতিৰ আহ্বায়ক ড° অজিত প্ৰসাদ শৰ্মাই সঞ্চালনা কৰা অনুষ্ঠানটি জাগীৰোড সুৰ দেউল সংগীত মহাবিদ্যালয়ৰ অধ্যক্ষ ড° পৱন চন্দ্ৰ গগৈয়ে উদ্বোধন কৰে। আনহাতে অসম সাহিত্য সভাৰ সভাপতি ড° সূৰ্যকান্ত হাজৰিকাৰ পৌৰোহিত্যত অনুষ্ঠিত মুকলি সভা খন উদ্বোধন কৰে অসম সাহিত্য সভাৰ উপ-সভাপতি ডা: গিৰিশ সন্দিকৈয়ে । সভাত ভাষাবিদ ড° লীলাৱতী শইকীয়া বৰাক ভাষা শ্বহীদ সূৰ্য বৰা বঁটা প্ৰদান কৰে। বঁটাত আছে গামোচা,চেলেং, পিতলৰ জাপি, স্মাৰক আৰু অভিনন্দন পত্ৰ।

সভাত মৰিগাঁও জিলা সাহিত্য সভাৰ প্ৰাক্তন সভাপতি মিলেশ্বৰ পাতৰ, হৰেন্দ্ৰ বৰা, উপ-সভাপতি ডা: প্ৰদীপ কুমাৰ ডেকা, অসম সাহিত্য সভাৰ নগাঁও আঞ্চলিক কাৰ্যালয়ৰ সম্পাদক প্ৰতাপ হাজৰিকা, সাংগঠনিক সম্পাদক বিনুপ্ৰভা লস্কৰ ঠাকুৰীয়া, কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক মিহিৰ হাজৰিকা,পিনাকি ভূষণ মহন্ত, অজিত শৰ্মাৰ লগতে জয়ন্ত কুমাৰ ডেকা,চিমল দেউৰী প্ৰমুখ্যে কেইবাগৰাকীও বিশিষ্ট ব্যক্তি উপস্থিত থাকে।

সভাত জয়ন্ত সাগৰ শইকীয়া সম্পাদিত ভাষা ছহিদ সূৰ্য বৰা স্মাৰক গ্ৰন্থ উন্মোচন কৰে অসম সাহিত্য সভাৰ সভাপতি ড° সূৰ্যকান্ত হাজৰিকাই।শলাগৰ শৰাই আগবঢ়াই জাগী ভকতগাও শাখা সাহিত্য সভাৰ সভাপতি লক্ষেশ্বৰ ডেকাই।স্মৃতি দিৱস টি উদযাপন কৰাৰ বাবে এধান বৰাক সভাপতি আৰু শান্তনু হাজৰিকাক সম্পাদক হিচাপে লৈ এখন আদৰনি সমিতি গঠন কৰা হয়।