নগাঁও লোকসভা সমষ্টিত ৭১.৮৪ শতাংশ।
দৰং-ওদালগুৰি সমষ্টিত ৭২.৯৯ শতাংশ
শিলচৰ সমষ্টিত ৬৫.৫৭ শতাংশ।
কৰিমগঞ্জ সমষ্টিত ৭১.১২ শতাংশ।
ডিফু সমষ্টিত ৬৯.৬২ শতাংশ।
উদাৰবন্দ বিধানসভা সমষ্টিৰ অন্তৰ্গত দুৰ্গানগৰ চাহ বাগিছাৰ ১২০ নং ভোট কেন্দ্ৰৰ ভোটাৰ সকলে পথ নিৰ্মাণ নকৰাৰ প্ৰতিবাদত ভোট বৰ্জন কৰিছে । কেন্দ্ৰটোত মুঠ ভোটাৰৰ সংখ্যা সাত শতাধিক যদিও দুপৰীয়া দু বজালৈ মাত্ৰ এজন ভোটাৰে ভোটদান কৰে। ভোট বৰ্জনৰ খবৰ পাই কেন্দ্ৰ টোত ADC CIRCLE OFFICER আৰু উদাৰবন্দৰ বিধায়ক মিহিৰ কান্তি চোম উপস্হিত হৈ ভোটদান কৰিবলৈ ভোটাৰ সকলক বুজাই যদিও কোনো কাম নহ'ল। ভোটাৰ সকলৰ স্পষ্ট কথা, পথ নিৰ্মাণ নোহোৱালৈকে তেওঁলোকে ভোটদান নকৰে।
নগাঁও লোকসভা সমষ্টিত ৬০.৫৬ শতাংশ।
দৰং-ওদালগুৰি সমষ্টিত ৬৪.৪৩ শতাংশ
শিলচৰ সমষ্টিত ৫৩.০৬ শতাংশ।
কৰিমগঞ্জ সমষ্টিত ৬০.৩৬ শতাংশ।
ডিফু সমষ্টিত ৬০.৭৪ শতাংশ।
নগাঁও ৪৪.৪৮ শতাংশ
দৰং-ওদালগুৰি ৪৯.৭২ শতাংশ
শিলচৰ ৪০.২৩ শতাংশ
কৰিমগঞ্জ ৪৯.১৪ শতাংশ
ডিফু ৪৬.৪০ শতাংশ
নগাঁও ৩৫.০৮ শতাংশ
দৰং-ওদালগুৰি ৩৮.৭৫ শতাংশ
শিলচৰ ৩৪.৭৫ শতাংশ
কৰিমগঞ্জ ৩৬.৭২ শতাংশ
ডিফু ৩৮.২৫ শতাংশ
বোকাজানৰ বিধায়ক তথা অসম বিধানসভাৰ উপাধ্যক্ষ ডঃ নোমল মমিনে পত্নীসহ ভোটাধিকাৰ সাব্যস্ত কৰে। নিজ গাঁৱস্থিত ডিলাওজান জালজৰী প্ৰাথমিক বিদ্যালয়ত ভোটাধিকাৰ সাব্যস্ত কৰে ড০ মমিন আৰু পত্নীয়ে।
নগাঁৱৰ উৰিয়াগাঁও বালিকা মজলীয়া বিদ্যালয়ত নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰিলে বিজেপিৰ প্ৰাৰ্থী সুৰেশ বৰাই।
নগাঁও ২৩.৪১
দৰং-ওদালগুৰি ১৮.৬৫
শিলচৰ ২০.১১
কৰিমগঞ্জ ২২.৩৫
ডিফু ২৪.১৯
নগাঁও চহৰৰ কিৰণৱালা বালিকা বিদ্যালয়ত ভোটাধিকাৰ সাব্যস্ত কৰিলে বিধায়ক ৰূপক শৰ্মাই। পত্নী আৰু পুত্ৰৰ সৈতে ভোটকেন্দ্ৰত উপস্থিত হৈ বিধায়কগৰাকীয়ে ভোটাৰসকলক ধন্যবাদ জনায়। পুৱাতে ভোটদিবলৈ হিলদল ভাঙি ওলাই অহাত সন্তুষ্টি প্ৰকাশ বিধায়কগৰাকীৰ।
নগাঁও ১৫.২৭ শতাংশ
দৰং-ওদালগুৰি ১২.৩১ শতাংশ
শিলচৰ ১২.১১ শতাংশ
কৰিমগঞ্জ ১৪.৮৭ শতাংশ
ডিফু ১৯.০৫ শতাংশ
নগাঁও ২.৩৫
দৰং-ওদালগুৰি ৩.৪১
শিলচৰ ৩.২২
কৰিমগঞ্জ ৪.৬৫
ডিফু ২.৩৪
মাজবাট বিধানসভা সমষ্টিৰ ১৭৩ নং বেঙেনাবাৰী ভোটগ্ৰহণ কেন্দ্ৰত EVM বিকল। বৰ্তমানো আৰম্ভ হোৱা নাই ভোটদান পৰ্ব। EVM বিকল হোৱাৰ বাবে হিলদলভাঙি ওলাই অহা ভোটাৰ ৰাইজৰ মাজত ব্যাপক প্ৰতিক্ৰিয়া।
মঙলদৈৰ বামুণপাৰা ১৫২নং ভোটকেন্দ্ৰটিত ২৫ মিনিট পলমকৈ আৰম্ভ হ'ল ভোট গ্ৰহণ প্ৰক্ৰিয়া। জানিব পৰা মতে ভিভিপেদ মেচিন বিকল হোৱা বাবে ২৫ মিনিট দেৰিকৈ হ'ল ভোটগ্ৰহণ অনুষ্ঠিত হয়।
মৰিগাঁও জিলাৰ দেউৰাবড়ি প্ৰাথমিক বিদ্যালয়ত পুৱাই প্ৰথমটো ভোটদান কৰিলে মৰিগাঁৱৰ বিধায়ক ৰমাকান্ত দেউৰীয়ে। মৰিগাঁৱৰ চাবুকধৰা পঞ্চায়তৰ অন্তৰ্গত দেউৰাবড়ি গাঁৱৰ ৰাইজৰ সৈতে পুৱাই শাৰী পাতি বিধায়কগৰাকীয়ে ভোট প্ৰদান কৰে।
আজি পুৱা ৭-০০বজাৰ লগে লগে আৰম্ভ হ’ল দ্বিতীয় পৰ্যায়ৰ ভোটদান প্ৰক্ৰিয়া। অসমৰ ৫টা সমষ্টিত আৰম্ভ হ’ল ভোটদান পৰ্ব। ইভিএমৰ বুটামত ভাগ্য নিৰ্ণয় হ’ব অসমৰ ৬১গৰাকী প্ৰাৰ্থীৰ।