মুখ্য-পৃষ্ঠা

এসপ্তাহত অসম চৰকাৰে লৈছে ৭৫০কোটিৰ ঋণ! ১লাখ ৫৫হাজাৰ কোটিলৈ বৃদ্ধি ঋণৰ বোজা..

Asomiya Pratidin

ডিজিটেল ডেস্কঃ এটাৰ পিছত আনটো ঋণ লোৱাত ব্যস্ত হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰ। যোৱা ১৭ছেপ্টেম্বৰত ৫০০কোটি টকাৰ ঋণ লোৱা পাছত ২৪ছেপ্টেম্বৰত পুনৰ ২৫০কোটি টকাৰ ঋণ ল'ব অসম চৰকাৰে। ভাৰতীয় ৰিজাৰ্ভ বেংকে প্ৰকাশ কৰিছে এই তথ্য। অৱশ্যে ২৫০কোটিৰ ঋণ ৭বছৰীয়া ম্যাদত ল'ব খুজিছে অসম চৰকাৰে।

উল্লেখ কৰা প্ৰয়োজন যে, ভাৰতৰ নিয়ন্ত্ৰক আৰু মহাহিচাপ পৰীক্ষকৰ শেহতীয়া প্ৰতিবেদনত অসম চৰকাৰক ঋণৰ ক্ষেত্ৰত সকিয়নী প্ৰদান কৰিছে। অসমে লোৱা ঋণে বহন ক্ষমতা হেৰুৱাই পেলাইছে বুলি সকিয়নী প্ৰদান কৰিছে ভাৰতৰ নিয়ন্ত্ৰক আৰু মহাহিচাপ পৰীক্ষকে।

এই সকলোবোৰ সকিয়নী আওকাণ কৰি হিমন্ত বিশ্ব শৰ্মা নেতৃত্বধীন চৰকাৰখনে প্ৰতিমাহে দুহেজাৰ কোটি টকা পৰ্যন্ত ঋণ লৈ অহাৰ ফলত ৰাজ্যত ঋণত বোজা ১লাখ ৫৫হাজাৰ কোটিলৈ বৃদ্ধি পাইছে। চৰকাৰ বণ্ড নিলামত ৰাখিও অসম চৰকাৰে মুকলি বজাৰৰ পৰা ঋণ ল'বলগা পৰিস্থিতিৰ সৃষ্টি হৈছে।