মুখ্য-পৃষ্ঠা

ৰূপসী বিমান বন্দৰৰ নাম বাহাল ৰখাৰ দাবীত অৱস্থান ধৰ্মঘট

Asomiya Pratidin

ডিজিটেল সংবাদ, ধুবুৰী: অসম চৰকাৰে কেবিনেটত ৰূপসী বিমান বন্দৰৰ নাম সলনি কৰি কালিচৰণ ব্ৰহ্ম নামেৰে নামাকৰণ কৰা সিদ্ধান্তৰ বিৰোধিতা কৰি শনিবাৰে প্ৰতিবাদ সাব্যস্ত কৰে। আক্ৰাছুকে ধৰি বিভিন্ন দল সংগঠনে ৰূপসী বিমান বন্দৰৰ নাম সুৰক্ষা সমিতিৰ আহ্বানত ৰূপসী বিমান বন্দৰৰ নাম অপৰিৱৰ্তিত ৰখাৰ দাবীত ৰূপচী মহামায়া মন্দিৰ প্ৰাংগণত ২ ঘণ্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী পালন কৰি তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে।

শনিবাৰে স্থানীয় বিভিন্ন দল-সংগঠন সমুহে ৰূপসী বিমান বন্দৰৰ নাম সলনি কৰাৰ বিৰোধিতা কৰি গৰজি উঠা পৰিলক্ষিত হৈছে। ধুবুৰীৰ ৰূপসী বিমান বন্দৰ নাম সুৰক্ষা কমিটীৰ আহ্বানত ৰূপচী বিমান বন্দৰৰ নাম অপৰিবৰ্তি ত ৰখাৰ দাবীত কেইবাটাও কোচ-ৰাজবংশী সংগঠনে দিনৰ প্ৰায় ১২:৩০ বজাৰ পৰা বিয়লি প্ৰায় ২: ৩০ বজা লৈকে দুঘণ্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী পালন কৰি তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰা দেখা যায়।

উল্লেখযোগ্য যে, অসম চৰকাৰে কেবিনেটত ৰূপসী বিমান বন্দৰৰ নাম সলনি কৰি কালিচৰণ ব্ৰহ্মৰ নামেৰে নামাকৰণ কৰাৰ সিদ্ধান্তৰ বিৰোধিতা কৰিছে আক্ৰাছুকে ধৰি স্থানীয় বিভিন্ন দল-সংগঠনে। কোচ-ৰাজবংশী সম্প্ৰদায়ৰ জমিদাৰ লোকে দান কৰা ভূমিত ৰূপচী বিমান বন্দৰ নিৰ্মাণ কৰা হৈছে আৰু জমিদাৰৰ ঘৈনীয়েক ৰূপহী হোৱাৰ বাবে বিমাবন্দৰটোৰ নাম ৰূপচী ৰখা হৈছিল বুলি উল্লেখ আছে।

সেইবাবে প্ৰতিবাদকাৰী ৰাইজে ৰূপসী বিমানবন্দৰটোৰ নাম সলনি নকৰি ৰূপসী নামেৰেই বাহাল ৰাখিবলৈ অসম চৰকাৰক আহ্বান জনাইছে। ইপিনে শনিবাৰে স্থানীয় ৰাইজ তথা প্ৰতিবাদকাৰীসকলে উক্ত অৱস্থান ধৰ্মঘট কাৰ্যসূচীত ধুবুৰী জিলাৰ সীমামূৰীয়া বিটিএডিৰ পৰা ৰূপচীকে ধৰি অবড়ো গাওঁসমূহৰ কৰ্তনৰো দাবী জনায়। এই দাবী চৰকাৰে মানি নল'লে অনাগত দিনত গণতান্ত্ৰিকভাৱে তীব্ৰ গণ আন্দোলন গঢ়ি তোলাৰ হুংকাৰ প্ৰদান কৰে প্ৰতিবাদকৰীসকলে।

ইপিনে আজিৰ প্ৰতিবাদী কাৰ্যসূচীত ৰূপসী বিমান বন্দৰ নাম সুৰক্ষা কমিটীৰ সভাপতি ৰঘূ ৰঞ্জন বেপাৰী আৰু যুটীয়া সম্পাদক দ্বয় শুচিব্ৰত সিংহ চৌধুৰী আৰু অলকেশ চন্দ্ৰ ৰায়, আক্ৰাছু, কোচ-ৰাজবংশী সাহিত্য সভা, কোচ-ৰাজবংশী সন্মিলনীৰ নেতৃ-বৃন্দকে ধৰি ধৰি বিভিন্ন দল-সংগঠন, স্থানীয় ৰাইজ উপস্থিত থাকে।