মুখ্য-পৃষ্ঠা

আজি ষষ্ঠ পৰ্যায়ৰ নিৰ্বাচনঃ দেশৰ ৫৮সমষ্টিত আৰম্ভ ভোটগ্ৰহণ...

Asomiya Pratidin

ডিজিটেল ডেস্কঃ আজি দেশত ষষ্ঠ পৰ্যায়ৰ নিৰ্বাচন। ৬খন ৰাজ্য আৰু দুই কেন্দ্ৰীয় শাসিত অঞ্চলৰ মুঠ ৫৮টা সমষ্টিত পুৱা ৭ বজাৰে পৰা আৰম্ভ হৈছে ভোটগ্ৰহণ। ষষ্ঠ পৰ্যায়ৰ নিৰ্বাচনত বিহাৰৰ ৮টা সমষ্টি, হাৰিয়ানা ১০টা সমষ্টি, জম্মু কাশ্মীৰৰ ১টা সমষ্টি, ঝাৰখণ্ডৰ ৪টা সমষ্টি, দিল্লীৰ ৭টা সমষ্টি, ওড়িশাৰ ৬টা সমষ্টি, উত্তৰ প্ৰদেশৰ ১৪টা সমষ্টি, আৰু পশ্চিম বংগৰ ৮টা সমষ্টিত ভোটগ্ৰহণ হৈছে।

দিল্লীৰ দিল্লীৰ চান্দনী চ’ক, উত্তৰ পূব দিল্লী, পূব দিল্লী, নতুন দিল্লী, উত্তৰ পশ্চিম দিল্লী, পশ্চিম দিল্লী আৰু দক্ষিণ দিল্লী এই আটাইকেইটা সমষ্টিতে হৈছে ভোটগ্ৰহণ। কেন্দ্ৰীয় শাসিত অঞ্চল দিল্লীৰ গুৰুত্বপূৰ্ণ ৭টা সমষ্টিতে একেটা পৰ্যায়তে ভোটগ্ৰহণ। দিল্লীৰ লগতে হাৰিয়ানাৰো আটাইকেইটা সমষ্টি তথা ১০টা সমষ্টিৰ ষষ্ঠ পৰ্যায়ত একেলগে ভোটগ্ৰহণ সম্পন্ন হ’ব।

উল্লেখ্য যে, ষষ্ঠ পৰ্যায়ৰ নিৰ্বাচনত মুঠ ৮৮৯ গৰাকী প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা কৰিছে। ইয়াৰ ভিতৰত জম্মু-কাশ্মীৰৰ অনন্তনাগ-ৰাজৌৰীত হোৱা নিৰ্বাচনৰ প্ৰাৰ্থী কেইগৰাকীও আছে।