মুখ্য-পৃষ্ঠা

আচৰিতঃ নিমখ খোৱাৰ বাবেই প্ৰতিবছৰে ২৫লাখ মানুহৰ মৃত্যু...

Asomiya Pratidin

ডিজিটেল ডেস্কঃ আঞ্জাত নিমখ কম হলে আঁচল জুতিঁ নোলায়। কেৱল আঞ্জাত বুলিয়েই নহয়, নিমখৰ অবিহনে আমাৰ খাদ্যৰ তালিকা আধৰুৱা বুলি কলেও ভুল কোৱা নহব। কিন্তু নিমখ আপুনি যিমানেই কমেকৈ খাব, সিমানেই আপোনাৰ দেহৰ বাবে উপকাৰী। গতিকে আজিৰ পৰা মুখৰ জুঁতি এৰক আৰু নিমখ কমকৈ খোৱা কৰক। এতিয়া জানো আহক নিমখে আমাৰ দেহত কি ক্ষতি কৰে।

আমেৰিকাৰ এদল বিজ্ঞানীৰ পৰীক্ষাত পোহৰলৈ আহিছে যে, নিমখ বেছিকৈ খালে আমাৰ কিডনীত থকা কোষবোৰত কমজোৰী অৰ্থাৎ দুৰ্বল হৈ পৰে। গতিকে দৈনন্দিন খাদ্যৰ তালিকাত আপুনি যদি সীমিত পৰিমাণে নিমখ সেৱন কৰে তেন্তে আপোনাৰ কিডনী সুস্থ-সবল কৰি ৰাখিব পাৰিব।

দ্বিতীয়তে অত্যাধিক নিমখৰ সেৱনে এগৰাকী ব্যক্তিৰ ব্লাড প্ৰেছাৰৰ পৰিমাণ বৃদ্ধি কৰে। যাৰ ফলত এগৰাকী ব্যক্তিৰ গেষ্ট্ৰিক, কেন্সাৰ, মেদবহুলতা, কিডনীৰ বিভিন্ন ৰোগৰ সৃষ্টি হব পাৰে। বিশ্ব স্বাস্থ্য সংস্থাৰ মতে, এগৰাকী ব্যক্তিয়ে এটা দিনত ২হাজাৰ মিলিগ্ৰাম অৰ্থাৎ ৫গ্ৰাম নিমখ সেৱন কৰিব লাগে।

বিশ্ব স্বাস্থ্য সংস্থা (WHO)ৰ তথ্য অনুসৰি বিশ্বৰ অধিকাংশ লোকে প্ৰতিদিনে ৯ৰ পৰা ১২ গ্ৰামতকৈ অধিক নিমখ সেৱন কৰে, যিটো স্বাস্থ্যৰ বাবে অতি বিপদজনক । যদি নিমখৰ সেৱন কমি যায়, তেন্তে বিশ্বত প্ৰতি বছৰে ২৫ লাখ লোকৰ মৃত্যু ৰোধ কৰিব পৰা যাব ।

চিকিৎসকে কয় যে, নিমখৰ ফলত হোৱা ক্ষতি ৰোধ কৰিবলৈ মানুহে সপ্তাহত এবাৰ নিমখবিহীন খাদ্য খাব লাগে । এনে কৰিলে শৰীৰৰ নিমখৰ কোনো ক্ষতি নহ’ব আৰু ইয়াৰ ভাৰসাম্য শৰীৰত থাকিব ।