মুখ্য-পৃষ্ঠা

লামডিঙত নিষিদ্ধ সামগ্ৰীসহ আটক চাৰিজন

Asomiya Pratidin

ডিজিটেল সংবাদ, লামডিং: লামডিঙত নিষিদ্ধ ড্ৰাগছ আৰু ভাং সহ চাৰিজনক আটক কৰিছে ৷ লামডিং ৰে'ল আৰক্ষী আৰু আৰপিএফৰ চিআইবি দলৰ যৌথ অভিযানত আটক কৰিছে৷ অভিযানত ৫টা বেগত ১৯ কেজি ভাং আৰু এটা চাবোনৰ কেচত ১৯ গ্ৰাম সন্দেহজনক ব্ৰাউন চুগাৰ জব্দ কৰিছে ৷

০১৬৬৬ নামনিমুৱা আগৰতলা-ৰাণী কমলাপতি এক্সপ্ৰেছ ৰেলত অভিযান চলাই এটি সাধাৰণ শ্ৰেণীৰ ডবাত পাথৰখোলা ৰে' লৱে ষ্টেচনত আটক কৰিবলৈ সক্ষম হয় ৷।আটকাধীন চাৰিজন ক্ৰমে শ্বীলংৰ নিৱাসী মিলটন চক্ৰৱৰ্তী, বিহাৰৰ প্ৰণৱ কুমাৰ সিং, শংকৰ মাহাতো আৰু অভেষ ৰয় ৷ আগৰতলাৰ পৰা নিষিদ্ধ সামগ্ৰীসমূহ বহি:ৰাজ্যলৈ সৰৱৰাহ কৰাৰ সন্দেহ প্ৰকাশ কৰিছে ৰে'ল আৰক্ষীয়ে ৷