মুখ্য-পৃষ্ঠা

সৰ্বানন্দ সোণোৱালৰ ঘৰত লুৰীণজ্যোতি গগৈৰ নিৰ্বাচনী প্ৰচাৰ...

Asomiya Pratidin

ডিজিটেল ডেস্কঃ লোকসভা নিৰ্বাচনৰ দিন যিমানেই চমু চাপিছে সিমানেই প্ৰচাৰ অভিযান তীব্ৰতৰ কৰিছে বিভিন্ন ৰাজনৈতিক দলৰ প্ৰাৰ্থীসকলে। এইবাৰ বিশেষভাৱে হাইপ্ৰফাইল সমষ্টি হিচাপে বিবেচিত হোৱা ডিব্ৰুগড় লোকসভা সমষ্টিত লুৰীণজ্যোতি গগৈ আৰু সৰ্বানন্দ সোণোৱালে ভিন্নধৰণে প্ৰচাৰ অভিযান অব্যাহত ৰাখিছে।

ডিব্ৰুগড়ৰ বিৰোধী মিত্ৰজোঁটৰ প্ৰাৰ্থী লুৰীণজ্যোতি গগৈয়ে শনিবাৰে পুৱাই প্ৰচাৰ অভিযান আৰম্ভ কৰে সৰ্বানন্দ সোণোৱালৰ ঘৰৰ পৰা। শনিবাৰে পুৱাভাগতে ডিব্ৰুগড়স্থিত সোণোৱালৰ বাসগৃহত উপস্থিত হৈ সৰ্বানন্দ সোণোৱালৰ পৰিয়ালৰ সৈতে লুৰীণজ্যোতিয়ে মত বিনিময় কৰাৰ লগতে আগন্তুক সময়চোৱাৰ বাবে আৰ্শীবাদ বিচাৰে।

সৰ্বানন্দ সোণোৱালৰ জ্যেষ্ঠ ভাতৃৰ লগতে পৰিয়ালৰ লোকৰ সৈতে কিছুসময় অতিবাহিত কৰাৰ পাছত সংবাদমাধ্যমৰ সন্মুখত লুৰীণজ্যোতি গগৈয়ে কয় যে, ৰাজনৈতিক প্ৰতিন্দন্দ্বী হিচাপে আমাৰ আদৰ্শৰ যুঁজ সোণোৱালদেৱৰ সৈতে সদায়েই অব্যাহত থাকিব। প্ৰচাৰ অভিযানৰ এক অংশ হিচাপে আমি তেওঁৰ ঘৰতো পৰ্দাপণ কৰিলো।‘